কালি ৰাজ্যসভাৰ সাংসদ সদস্য মহাৰাজা সনাজাওবা লেইচেম্বাই ২০২৫ চনৰ ভিতৰত ভাৰতীয় মাটিৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ বাবে এক প্ৰচেষ্টা হাতত লয়। লগতে তেওঁ চিকিৎসা কৰি থকা ৫জন যক্ষ্মা ৰোগীক সাহায্য আগবঢ়ায়।

সাংসদ গৰাকীৰ এই প্ৰচেষ্টাক প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে লগতে ৰাজ্যসভাৰ সাংসদৰ টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে,

“প্ৰশংসনীয় ইংগিত। সমগ্ৰ ভাৰততে, ভাৰতক যক্ষ্মা মুক্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট সজাগতা আছে আৰু বহুলোকে যক্ষ্মা ৰোগী গ্ৰহণ কৰি আছে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply