১ এপ্রিল, ২০২৩ত ভূপাল ভ্ৰমণ কৰিব প্রধানমন্ত্রী মোদীয়ে। পুৱা ১০ বজাত ভূপালৰ কুশাভাউ ঠাকৰে হলত কম্বাইণ্ড কমাণ্ডাৰ্ছ কনফাৰেন্স ২০২৩ ত যোগ দিব। তাৰপাছত, দুপৰীয়া ৩ বাজি ১৫ মিনিটত প্রধানমন্ত্রীয়ে ভূপালত ৰাণী কমলাপতি ৰে’ল ষ্টেচনত ভোপাল–নতুন দিল্লী বন্দে ভাৰত এক্সপ্রেছ যাত্ৰাৰ সূচনা কৰিব।

তিনি দিনৰ সামৰিক কমাণ্ডাৰসকলৰ সন্মিলন অনুষ্ঠিত হ’ব ৩০ মাৰ্চৰ পৰা ১ এপ্রিল, ২০২৩ পর্যন্ত। কমাণ্ডাৰ্ছ কনফাৰেন্স ২০২৩ৰ থিম হ’ল ‘ৰেডি ৰিছার্জেণ্ট ৰেলিভেণ্ট’।

এই সন্মিলনত যোগ দিব তিনিটা সশস্ত্র বাহিনীৰ কমাণ্ডাৰসকল আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াসকলে। সেনাবাহিনী, নৌ-বাহিনী আৰু বিমান বাহিনীৰ সেনা, নাবিক আৰু বৈমানিকে এই আলোচনাত যোগ দিব। তেওঁলোকৰ সৈতে অনানুষ্ঠানিকভাৱেও আলাপ-আলোচনা কৰা হ’ব।

বন্দে ভাৰত এক্সপ্রেছে দেশৰ যাত্ৰীসকলৰ ভ্ৰমণৰ অভিজ্ঞতালৈ সম্পূর্ণ পৰিৱৰ্তন আনিছে। ভোপালৰ ৰাণী কমলাপতি ৰে’ল ষ্টেচনত ভোপাল আৰু নতুন দিল্লীৰ মাজত নতুন ট্রেইন আৰম্ভ হ’ব। এইখন সমগ্ৰ দেশত একাদশ বন্দে ভাৰত ট্ৰেইন। সম্পূর্ণ থলুৱাভাৱে নিৰ্মিত বন্দে ভাৰত এক্সপ্রেছত যাত্রী স্বাচ্ছন্দ্যৰ ব্যৱস্থা অত্যাধুনিক। স্বাচ্ছন্দ্যমূলক, আৰামদায়ক, দ্রুত ভ্রমণৰ সুযোগ আনি দিছে এই ট্রেইনে। তাৰ লগতে, ই আঞ্চলিক পর্যটন আৰু অর্থনৈতিক উন্নয়নৰ প্রসাৰ ঘটাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply