নিউজ ডেস্ক: আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ নতুন সন্মিলন কেন্দ্ৰত ‘বিকশিত ভাৰত ২০৪৭ : টীম ইণ্ডিয়াৰ ভূমিকা’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত নীতি আয়োগৰ বৈঠক অনুষ্ঠিত হ’ব । নীতি আয়োগৰ (NITI Aayog) অষ্টম পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সভাপতিত্ব কৰিব ।
প্রধানমন্ত্রী মোডীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে স্বাস্থ্য, দক্ষতা বিকাশ, মহিলা সবলীকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । “দিনজোৰা বৈঠকত আঠটা মূল বিষয়ত আলোচনা কৰা হ’ব ৷ বিষয়কেইটা হৈছে বিকশিত ভাৰত ২০৪৭, এমএছএমই, আন্তঃগাঁথনি আৰু বিনিয়োগ, অনুপালন হ্ৰাস কৰা , মহিলা সবলীকৰণ, স্বাস্থ্য আৰু পুষ্টি, দক্ষতা বিকাশ আৰু আঞ্চলিক উন্নয়ন আৰু সামাজিক আন্তঃগাঁথনিৰ বাবে গতি শক্তি। ” নীতি আয়োগৰ সূত্ৰত এই কথা প্ৰকাশ ৷
আজি বৈঠকত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী তথা উপ-ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্ৰীসকল, কৰ্তৃত্বশীল সদস্য আৰু নীতি আয়োগৰ উপাধ্যক্ষ আৰু সদস্যসকলে অংশগ্ৰহণ কৰিব ।