নিউজ ডেস্ক: দেওবাৰে নিউ জলপাইগুৰি ষ্টেচনৰ পৰা পল্টনবজাৰস্থিত গুৱাহাটী ৰে’ল ষ্টেচনলৈ ‘বন্দে ভাৰত’ ৰে’লৰ পৰীক্ষামূলক চলাচল সফলতাৰে সম্পন্ন কৰা হয়। প্ৰায় ৬ ঘন্টা সময়ৰ ভিতৰত জলপাইগুৰি ষ্টেচনৰ পৰা পল্টনবজাৰস্থিত গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হয় ৰে’লখন।
জানিব পৰামতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৫ মে’ত নিউ জলপাইগুৰি বন্দে ভাৰত ৰে’লখন ভার্চুৱেলী উদ্বোধন কৰিব। তাৰ পাছৰে পৰাই নিয়মীয়াভাৱে উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে অভিজাত ৰে’লখনত যাত্ৰা কৰাৰ সুযোগ লাভ কৰিব।
সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তত ইতিমধ্যে ১৭খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লে সেৱা আগবঢ়াই আছে। দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা উক্ত ৰে’লখনক লৈ স্বাভাৱিকতেই এতিয়া ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে।
উল্লেখ্য যে বিমান যাত্ৰাৰ সমপৰ্যায়ৰ এই ৰে’লখনে ৫২ ছেকেণ্ডতে ১০০ কিলোমিটাৰ প্ৰতিঘণ্টাত স্পীড ধৰিব পাৰে। সম্পূর্ণ শীত-তাপ নিয়ন্ত্ৰিত দবাৰে পৰিপুষ্ট ৰে’লখনত বিমানৰ দৰে আছে অত্যাধুনিক সা-সুবিধাযুক্ত সেৱা । সাধাৰণ ৰে’লত যাত্ৰীয়ে আসনসমূহ নিজৰ ইচ্ছা মতে ঠিক কৰিব নোৱাৰে কিন্তু বন্দে ভাৰত এক্সপ্ৰেছত ভ্ৰমণ কৰা যাত্ৰীয়ে ১৮০ ডিগ্রী পর্যন্ত বহা আসনখন নিজৰ সুবিধা মতে ঠিক কৰি ল’ব পাৰিব।
সপ্তাহত ৬ দিন ৪১০ কিলোমিটাৰ যাত্ৰাৰে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনলৈ চলিব বন্দে ভাৰত’ ৰে’ল খন।