১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ দ্বাৰা আনুষ্ঠানিক ভাৱে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন কৰা হব।

কালি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সৈতে প্রথমখন বৈঠক অনুস্থিত কৰা হয়।

এই বৈঠকত মহাবিদ্যালয় পৰিচালনা সমিতিত অধিক সদস্যৰ অন্তর্ভুক্তি, হস্পিটাল ছচাইটিৰ পঞ্জীয়ন, মহাবিদ্যালয়ৰ ৱেবছাইট ডেভেলপ কৰা, গুণমানবিশিষ্ট অত্যাৱশ্যকীয় সেৱা উপলব্ধ কৰা, মেডিকেল ৱেষ্ট নিষ্কাষণ আদি গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত আজিৰ বৈঠকত বিতং ভাৱে আলোচনা কৰা হয়।

আনহাতে, এই বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰীৰ বিধায়ক শ্রী দিগন্ত বর্মন ডাঙৰীয়া, বৰমাৰ বিধায়ক শ্রী ভূপেন বড়ো ডাঙৰীয়া, নলবাৰীৰ উপায়ুক্ত শ্রীমতী গীতিমণি ফুকন ডাঙৰীয়ানী, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মা ডাঙৰীয়া আৰু মহাবিদ্যালয়খনৰ জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply