নিউজ ডেস্ক: অহা ২৮ মে’ত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নতুন সাংসদ ভৱন। মুঠ ৯৭০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হোৱা এই ভৱনত ১২০০ সাংসদ বহিব পৰা সুবিধা আছে। চেণ্ট্ৰেল ভিষ্টা ডেভেলপমেণ্ট প্রজেক্টৰ অধীনত নিৰ্মাণ হোৱা চাৰি মহলীয়া সংসদ ভৱনটো ৬৪,৫০০ বর্গমিটাৰ ভূমিত নিৰ্মাণ কৰা হৈছে। ইয়াত লোক সভা হলত ৮৮৮জন সাংসদ আৰু ৰাজ্য সভা হলত ৩৮৪জন সাংসদে আসন গ্রহণ কৰিব পাৰিব।

নৱনিৰ্মিত সংসদ ভৱনটোত তিনিখন মূল দ্বাৰ আছে জ্ঞান দ্বাৰ, শক্তি দ্বাৰ আৰু কৰ্ম দ্বাৰ। নতুন সংসদ ভৱনত ভি আই পি, সাংসদ আৰু দৰ্শনাৰ্থীৰ বাবে পৃথক পৃথক প্রৱেশ পথ থাকিব।

নতুন ভৱনত ভাৰতৰ গণতান্ত্রিক ঐতিহ্য প্ৰদৰ্শন কৰিবলৈ এটা বৃহৎ কনষ্টিটিউশ্যন হল, সাংসদসকলৰ বাবে এটা বিশ্রাম কক্ষ, এটা পুথিভঁৰাল, বিভিন্ন সমিতিৰ কক্ষ, ভোজন অঞ্চল আৰু গাড়ী পাকিঙৰ বিশাল স্থান আছে। এটা সংবাদ সংস্থাৰ মতে, ভাৰতৰ সংবিধানৰ মূল কপি কনষ্টিটিউশ্যন হলৰ মধ্যভাগত ৰখা হ’ব। এই ভৱনত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু আৰু আন অগ্ৰণী নেতা তথা প্রাক্তন প্রধানমন্ত্ৰীসকলৰ পৰ্টেইট থাকিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply