নিউজ ডেস্ক- আজিৰ পৰা ভাৰতৰ সকলো বেংকতে ₹২,০০০ টকাৰ নোট সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শেহতীয়া ভাৱে RBI ভাৰতীয় সকলো বেংকেই এতিয়াৰে পৰা কোনো গ্ৰাহককেই গুলপীয়া ৰঙৰ ₹২০০০ টকীয়া নোট নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। RBI য়ে তিনিদিন আগতে এই কথা ঘোষণা কৰিছিল।
উল্লেখ্য যে, গ্রাহকসকলে বেংকত ₹২০০০ টকাৰ মুদ্ৰা নোট সলনি কৰিব পাৰিব বা ৩০ ছেপ্টেম্বৰলৈকে তেওঁলোকৰ একাউণ্টত জমা দিব পাৰিব। জনসাধাৰণে তেওঁলোকৰ লেনদেনৰ বাবে ₹২০০০ বেংক নোট ব্যৱহাৰ কৰা অব্যাহত ৰাখিব পাৰে আৰু সেইবোৰ পৰিশোধ হিচাপেও লাভ কৰিব পাৰে। অৱশ্যে, তেওঁলোকক ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বা তাৰ আগতে এই বেংক নোটবোৰ জমা আৰু/বা সলনি কৰিবলৈ উৎসাহিত কৰা হৈছে।
ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এখন সংবাদমেলত কৈছিল যে বিদ্যমান নোটবোৰ অবৈধ বা অগ্রাহ্য নহ’ব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশনা অনুসৰি, নোট সলনি কৰিবলৈ কোনো পৰিচয় পত্ৰৰ প্ৰয়োজন নহ’ব বা আপুনি কোনো প্ৰপত্ৰ পূৰণ কৰিব নালাগে।
ৰিজাৰ্ভ বেংকে উল্লেখ কৰা মতে, গ্রাহকসকলে সর্বাধিক ২০ হাজাৰ টকাৰ নোট অর্থাৎ একেসময়তে ১০ টা নোট সলনি কৰিব পাৰিব। কোনো একাউণ্ট নথকা লোকেও যিকোনো বেংক শাখাত এবাৰত ₹২০,০০০/- সীমালৈকে ₹২০০০ ৰ বেংক নোট বিনিময় কৰিব পাৰে। এই নোটবোৰ একাউণ্টত জমা কৰাৰ কোনো সীমা নাথাকিব।