নিউজ ডেস্ক: কেন্দ্ৰীয় ক্ৰীড়া মন্ত্রী অনুৰাগ ঠাকুৰৰ বাসগৃহত উপস্থিত প্ৰতিবাদী মল্লযুঁজাৰু। মল্লযুঁজ ফেডাৰেচনৰ অধ্যক্ষ ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি অহা দেশৰ তাৰকা মল্লযুঁজাৰুসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্রী অনুৰাগ ঠাকুৰৰ বাসগৃহত উপস্থিত হয় প্ৰতিবাদী মল্লযুঁজাৰুসকল।
মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত আলোচনাত মিলিত হয়৷
বৈঠকত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন আৰু এগৰাকী মহিলা প্ৰধান নিযুক্তি। তেওঁলোকে লগতে ব্ৰিজভূষণ সিং বা তেওঁৰ পৰিয়ালৰ কোনো সদস্য যাতে ফেডাৰেচনৰ অংশ হ’ব নোৱাৰে, সেই দাবীও উত্থাপন কৰিছে।
বিগত মাহত ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধনৰ দিনা মল্লযুঁজাৰুসকলে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ বাবে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা আৰক্ষীৰ গোচৰ উঠাই ল’বলৈও দাবী উত্থাপন কৰিছে।