নিউজ ডেস্ক: প্ৰতিবাদ অব্যাহত আছে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলৰ। প্ৰতিবাদৰ মাজতে বজৰং পুনিয়া, সাক্ষী মালিককে ধৰি আন মল্লযুঁজাৰুসকলে নিজ কৰ্মস্থলীত পুনৰ যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে তেওঁলোকে স্পষ্ট কৰি কয় যে তেওঁলোক এই প্ৰতিবাদৰ পৰা আঁতৰি যোৱা নাই। কেৱল তেওঁলোকৰ কৰ্মস্থলীতহে কৰিছে। তেওঁলোকে কয় যে ন্যায় প্ৰদান নোহোৱালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈকেইগৰাকীয়ে।

প্ৰতিবাদকাৰী মল্লযুঁজাৰু সাক্ষী মালিকে কয় যে তেওঁলোকৰ কোনেও পিছুৱাব বিচৰা নাই কিন্তু ন্যায়ৰ দাবীৰ মাজতে ৰে’লৱেত তেওঁৰ দায়িত্ব পালন কৰি আছে। ন্যায় প্ৰদান নকৰালৈ তেওঁলোকৰ যুঁজ অব্যাহত থাকিব।

আনহাতে, বজৰং পুনিয়াই কয় যে তেওঁলোকে আন্দোলন প্ৰত্যাহাৰ কৰা নাই আৰু সিঙৰ বিৰুদ্ধে এজাহাৰো ঘূৰাই লোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply