প্ৰধানমন্ত্ৰী মন কী বাত শততম বৰ্ষ পূৰ্ণ হোৱাৰ বাবে সমগ্ৰ বিশ্বতে ক্ষীপ্ৰতাৰে প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰটো প্ৰস্তুতি চলোৱা দেখা গৈছে। কিছু ৰুপসজ্জা নিৰ্মাণ কৰা লগতে ৰংঘৰত লাইট শ্ব’ দেখুৱাৰ প্ৰস্তুতি কৰা হৈছে। লাইট শ্ব’ৰ জৰিয়ৰে ধৰ্মীয় চিহ্নৰ প্ৰতিফলন ঘটোৱা হৈছে।

ইয়াৰ সন্দৰ্ভত শুক্ৰবাৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তেওঁ ফেচবুকত পোষ্টৰ জৰিয়তে কয় যে “ৰংঘৰৰ দৰে জাতীয় সম্পদ এটাত চৰকাৰে জাতিৰ স্বাভিমানত আঘাত পৰা কোনো কাম নকৰা ভাল। মই সংশ্লিষ্ট সকলো পক্ষক জাতিৰ স্বাভিমানত হাত নিদিবলৈ আহ্বান জনালো”।

তাৰ পাছতে বিধায়ক অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ পুৰাতত্ব বিভাগ (ASI) লৈ স্মাৰক পত্ৰ পেৰণ কৰে।  প্ৰত্ৰত তেওঁ ৰংঘৰৰ ঐতিহ্যৰ কথা উল্লেখ কৰি তাত ধৰ্মীয় প্ৰতীক সম্বলিত অনুষ্ঠান প্ৰদৰ্শন নকৰিবৰ বাবে দাবী তুলে ৷ লগতে ৰাইজৰ দলৰ প্ৰতিনিধিসকলে অসমীয়াৰ বীৰত্বৰ প্ৰচাৰ কৰা কাহিনীৰ বাহিৰে ৰংঘৰত অন্য কোনো লেজাৰ শ্ব’ৰ প্ৰদৰ্শনৰে বিৰোধিতা কৰে।

শিৱসাগৰৰ উপায়ুক্তৰ মধ্যস্থতাত ৰাইজৰ দলৰ প্ৰতিনিধিয়ে ভাৰতৰ পুৰাতত্ত্ব বিভাগ(ASI)ৰ যুটীয়া সঞ্চালক প্ৰধান টি আৰ শৰ্মা, জ্যেষ্ঠ সংৰক্ষক গুণাংশু কলিতাৰ সৈতে আলোচনা কৰি ৰংঘৰত প্ৰদৰ্শন কৰিবলগীয়া লেজাৰ শ্ব’ৰ পৰা ধৰ্মীয় অংশটো আঁতৰাই পেলাইছে বুলি জানিব পৰা গৈছে । লগতে লেজাৰ শ্ব’ত প্ৰদৰ্শন কৰিব খোজা অসম বুৰঞ্জীৰ অসমীয়াৰ আভ্যন্তৰীণ সংঘাতৰ আন অংশ এটাও কাটি দিয়া হয়। আনহাতে তাত চুকাফা, প্ৰমত্ত সিংহ,ৰূদ্ৰসিংহ আৰু লাচিত বৰফুকনৰ কাহিনী যুক্ত কৰিবলৈ দাবী জনোৱা হয়। এই কথা বিধায়কগৰাকীয়ে তেওঁৰ আন এটা ফেচবুকত পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে।

অৱশেষত ৰংঘৰৰ এই দাবী মানি লোৱা হয় লগতে দাবীত উত্থাপন কৰা বিষয়সমুহ সংযোগ কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে। এই গুৰুত্বপূৰ্ণ আলোচনাত ৰাইজৰ দলৰ হৈ কেন্দ্ৰীয় উপসভাপতি ড০ ৰঞ্জিত তামুলী আৰু সাংগঠনিক সম্পাদক অম্লান গগৈয়ে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply