নিউজ ডেস্ক: আজি দিনৰ ২ বজাত ঘোষণা কৰা হ’ল অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল। এই পৰীক্ষাত ১১,৫১০ টা পদত মুঠ ৮২৮,৮৬০ গৰাকী পৰীক্ষাৰ্থীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তথ্য অনুসৰি মুঠ ১১,৩২৪ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে।
ইয়াৰে কম্পিউটাৰৰ সৈতে স্নাতক ডিগ্ৰীত মুঠ পদৰ সংখ্যা আছিল ৭৪১৪ , স্নাতক ডিগ্ৰীত আছিল মুঠ ৫৯১ পদ, কম্পিউটাৰৰ সৈতে পুথিভঁৰাল বিজ্ঞানত স্নাতক ডিগ্ৰীত মুঠ পদৰ সংখ্যা ১২ টা, ষ্টেনোগ্ৰাফী আৰু কম্পিউটাৰৰ প্ৰমাণ পত্ৰৰ সৈতে স্নাতক ডিগ্ৰীত মুঠ পদৰ সংখ্যা ২০৯ টা, আনহাতে চালকৰ পদ আছিল মুঠ ১১০৫ টা, এইচএচএচএলচি বিজ্ঞান আৰু ইকুইভেলেন্ট পদত মুঠ ১৩৭২ আৰু ৮০৭ টা পদ ।
এই পদ সমুহৰ ভিতৰত সাধাৰণ শ্ৰেণীলোকে পাইছে ২৪৩১ টা পদ, অ’বিচি য়ে পাইছে ৪৪৮৫ টা, অনুসুচিত জাতিয়ে পাইছে ৯৫৬ টা, অনুসুচিত জনজাতি(P)য়ে পাইছে ১২৫৩ টা, অনুসুচিত জনজাতি(H) য়ে পাইছে ৫৩৫ টা, ইডব্লিউএচ য়ে পাইছে ১৬৬৪ টা, পিডব্লিউবিডিয়ে পাইছে ২৭০ টা, আৰএফডব্লিউ য়ে পাইছে ২৬৬১ টা আনহাতে প্ৰাক্তন সেনাবাহিনীৰ লোকে পাইছে ৮৫ টা পদ
