নিউজ ডেস্ক: ৩ মে’ত তৃতীয়বৰ্গৰ ফলাফল ঘোষণাৰ পিছত আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে।ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰিলে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল।
মুঠ ৪,৪২,৭৮৫ গৰাকী প্ৰাৰ্থীয়ে লিখিত পৰাক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচন কৰা হৈছিল মুঠ ২৭,৪৭৫ গৰাকী প্ৰাৰ্থীক। ইয়াৰে ভিতৰত মুঠ ১৪,২৮১ গৰাকী প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰিছে।
ইয়াৰ ভিতৰত ১,৭১৯ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১,৪৯৬ গৰাকী অনুসুচিত জাতি, ১৮৬৪ জন অনুসুচিত জনজাতি(P), ৭৩১ গৰাকী অনুসুচিত জনজাতি(H), ৬,২৩৬ গৰাকী অ’বিচি ৰ, ২,২৩৫জন ইডব্লিউএচ ৰ, ৫৪২গৰাকী পিডব্লিউবিডি আৰু ১২৩ জন এক্স ছাৰ্ভিছমেন পদত বাছনি কৰিছে নিযুক্তি আয়োগে।
উল্লেখযোগ্য যে, আজি নিশা বিভাগ অনুসৰি প্ৰাৰ্থী বিতৰণ কৰাৰ লগতে ১১ মে’ত চৰকাৰৰ বৰ্ষপূৰ্তি দিনা নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।