নিউজ ডেস্ক: আজি ঘোষণা কৰা হ’ল অসম আৰক্ষী, আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। দিনৰ ১১ বজাত ঘোষণা কৰা হৈছে ফলাফল।

৫৭৩০ মুঠ পদৰ ভিতৰত অসম আৰক্ষীত আছিল ১৪০৭ পদ, বন বিভাগত ২৭৮৭, ডিজিচিডি আৰু চিজিএইচজি ত মুঠ ৪১২ টা পদ, এফ এণ্ড ইএচ ত ৪৩ টা পদ, কাৰাগাৰ বিভাগত ৩০৩ টা পদ, অসম আৰক্ষী ৰেডিঅ’ সংগঠনত ৫৫৬ টা পদ, আবকাৰী বিভাগত ২২২ টা পদ।

এই পদ সমুহত মুঠ ২৩৭৮৩২৬ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত মুঠ ৫৪২১ জনক নিৰ্বাচন কৰা হৈছে। অসম আৰক্ষীত ১২৭৯ জন প্ৰাৰ্থী নিৰ্বাচন হৈছে, ডিজিচিডি আৰু চিজিএইচজি ত ৩০৭ জন প্ৰাৰ্থী , অসম আৰক্ষী ৰেডিঅ’ সংগঠনত ৫৫৩ জন প্ৰাৰ্থী , এফ এণ্ড ইএচ ত ৩৯ জন প্ৰাৰ্থী , কাৰাগাৰ বিভাগত ৩০১ জন প্ৰাৰ্থী , আবকাৰী বিভাগত ২২২ জন প্ৰাৰ্থী , বন বিভাগত ২৭২০ জন প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে।

১২ বজাৰ পিছত ৱেবছাইটত উপলব্ধ হ’ব ফলাফল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply