নিউজ ডেস্ক: অসমৰ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ আজি দ্বিতীয় মৃত্যুবাৰ্ষিকী। অসমীয়া সাহিত্য জগতক চহকী কৰি যোৱা এইজনা বিশিষ্ট সাহিত্যিকৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশিষ্ট সাহিত্যিকগৰাকীৰ দ্বিতীয় মৃত্যুবার্ষিকীত “কৰুণাধাৰাৰ” উদ্যোগত হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

আজি গুৱাহাটীৰ ডাঃ ভুবনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিয়লি ৪ বজাত এই অনুষ্ঠান অনুষ্ঠিত হ’ব। এইবাৰৰ হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠানৰ বিষয় হৈছে “মানৱতাবাদ আৰু মানৱীয় প্ৰমূল্যবোধেই সামাজিক শান্তি আৰু সম্প্ৰীতিৰ আধাৰ”। অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত তথ্য প্রাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই এই বক্তৃতা প্ৰদান কৰিব।

উল্লেখ্য যে ২০২১ বৰ্ষৰ ১২ মে’ৰ দিনা পুৱা বৰগোহাঞিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। কেইবাদিনো ধৰি ক’ভিড়ত আক্ৰান্ত হোৱাৰ পিছত তেওঁ সুস্থ হৈ উঠিছিল যদিও ইয়াৰ ফলত সৃষ্টি হোৱা শাৰীৰিক জটিলতাৰ বাবেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সাহিত্যিক-সাংবাদিকগৰাকীয়ে ১৯৭৮ চনত পিতা-পুত্ৰ নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি সন্মানেৰে সন্মানিত হৈছিল। কেইবাখনো আগশাৰীৰ অসমীয়া বাতৰি কাকতত সম্পাদক আৰু মুখ্য সম্পাদক হিচাপে দায়িত্ব পালন কৰা বিশিষ্ট কথাশিল্পীগৰাকীয়ে সাহিত্য অকাডেমিৰ উপৰি অসম সাহিত্য উপত্যকা বঁটা, অসম সাহিত্য সভাৰ নীলমণি ফুকন বঁটা আদিকে ধৰি কেইবাটাও বঁটাৰে সন্মানিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply