নিউজ ডেস্ক: তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াত অনুষ্ঠিত জিলা উপায়ুক্ত সন্মিলন বুধবাৰে সফল সামৰণি পৰে। অন্তিম দিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰ আয়ুক্তৰ কাৰ্যালয়, সঞ্চালকালয়, উপায়ুক্ত কাৰ্যালয়ক সামৰি পুৰণি ফাইলসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ দিশত অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ ‘মিছন সদ্ভাৱনা’ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে৷
মন কৰিবলগীয়া যে, ২০২২ চনৰ ১ ফেব্ৰুৱাৰীত আৰম্ভ কৰা মিছন সদ্ভাৱনাৰ অধীনত লাভ কৰা সকলোবোৰ আবেদন সময় নিৰ্দ্ধাৰিতভাৱে নিষ্পত্তি কৰা হৈছিল। ২০২২ চনৰ ৫ আগষ্টৰ লোক কল্যাণ দিৱসত প্ৰথম পৰ্যায়ৰ মিছন সদ্ভাৱনা সফলতাৰে সামৰণি পৰিছিল।

দ্বিতীয় পৰ্যায়ত ‘মিছন সদ্ভাৱনা’ৰ অধীনত ৩১টা উপায়ুক্তৰ কাৰ্যালয়, ৭৪ টা সঞ্চালকালয় / আয়ুক্ত কাৰ্যালয়ক সামৰি লোৱা হৈছে৷ এই ব্যৱস্থাৰ অধীনত জনসাধাৰণে প’ৰ্টেলৰ জৰিয়তে অনলাইন মাধ্যমেৰে ফাইল নিষ্পত্তিৰ অগ্ৰগতি নিৰীক্ষণ কৰিব পাৰিব৷
উল্লেখ্য যে, ৰাজহুৱা সেৱা কেন্দ্ৰসমূহৰ যোগেদি সেৱা গ্ৰহণ উপলব্ধ হ’বলগীয়া এই প্ৰকল্পই পুৰণি ফাইলৰ কামসমূহ সমাধান কৰি সাম্প্ৰতিক বিষয়সমূহৰ দিশত গুৰুত্ব প্ৰদানৰ সুযোগ সৃষ্টি কৰিব৷ ‘মিছন সদ্ভাৱনা’ৰ দ্বিতীয় পৰ্যায়ৰ জৰিয়তে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাই গতি লাভ কৰাৰ লগতে জনসাধাৰণে সকাহ পাবলৈ সক্ষম লাভ কৰিব।
লগতে পঢ়ক – “বেছিভাগ বিবাহ বিচ্ছেদ কেৱল প্ৰেম বিবাহৰ পৰাই উদ্ভৱ হয়” – উচ্চতম ন্যায়ালয়