নিউজ ডেস্ক: অসমীয়া ছবি প্ৰেমীৰ এটা চিনাকি নাম এন্ কে প্ৰডাকচন। এই এন্ কে প্ৰডাকচন্ ৰে নতুন অসমীয়া ছবি “দ্য শ্লেম বুক” ৰ সোমবাৰে ট্ৰেইলাৰ মুকলি কৰি দিয়া হয়। নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীক লগত লৈ নিৰ্মিত ছবিখন ২০১৯ চনতেই সকলো দৃশ্য গ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হৈছিল। কিন্তু কোভিড মহামাৰীৰ বাবে ছবিখনৰ মুকলি দিন পিছুৱাব লগীয়া হৈছিল।

YouTube video

পিছে এতিয়া সম্পূৰ্ণ ৰূপে তৈয়াৰ হৈ উঠিছে ছবিখন মুক্তি দিবলৈ। উক্ত ছবিখন অহা ৩০ জুন তাৰিখে ছবিগৃহত মুক্তি পাব। কৈশোৰৰ বন্ধুত্ব, প্ৰেম, বিশ্বাস, প্ৰতাৰণা আদি কাহিনীৰে নিৰ্মিত ছবিখনৰ কাহিনী আৰু পৰিচালনা প্ৰাঞ্জল গয়াৰীৰ।

শীৰ্ষক ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ, প্ৰযোজনা কৰিছে দেৱ বৰকটকীয়ে। মুম্বাইত প্ৰতিষ্ঠিত জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। ছবিখনৰ সংগীত কৰিছে জুবিন গাৰ্গ। জুবিন গাৰ্গ, ৰোহিত চ’নাৰ আৰু বহুকেইজন জনপ্রিয় শিল্পীয়ে ছবিখনত কণ্ঠদান কৰিছে। ইতিমধ্যে ছবিখনৰ তিনিটাকৈ গীত ইউটিউবত মুকলি কৰি দিয়া হৈছে।

https://youtu.be/MeSspRxG6Hk

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী আৰু অভিনেতা নিৰূপম শইকীয়াই। লগতে ছবিখনত দেখা পোৱা যাব কেইবাগৰাকীও ন-পুৰণি শিল্পী। বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইক ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।

লগতে, ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে আসাম ভেলী স্কুল তেজপুৰ বালিপাৰা, গুৱাহাটী আৰু শ্বিলঙৰ মনোৰম লোকেশ্বনত।

লগতে পঢ়ক – কেতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব ACS বিষয়া মুকুল কাথাৰক ? কৰ্তন কৰা হৈছে কাথাৰৰ সকলো ক্ষমতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply