নিউজ ডেস্ক- অসমীয়া সংগীত জগতৰ বাবে এক সুখবৰ। আনুষ্ঠানিক মুক্তি পালে জ্ঞানপীঠ বঁটা বিজয়ী কবি প্রয়াত নীলমণি ফুকনৰ এটি বহু-প্রশংসিত কবিতাৰপৰা জয় বৰুৱাই পুনসৃষ্টি কৰা “টোপনিতো তেওঁ মোক খেদি ফুৰিছিল” গীতটি।
অসমীয়া সংস্কৃতি, সংগীত, কবিতা আৰু শিল্পক কেন্দ্ৰ কৰি ইতিবাচক আলোচনাৰ পৰিবেশ সৃষ্টি কৰিবলৈ কাম কৰি অহা বাউল কৌশিক নাথ ফাউণ্ডেচনে অসমৰ উঠি অহা যুব সংগীতশিল্পীসকলৰ বাবে ২০২০ চনত “মনগীত” নামৰ আবাসিক মেণ্টৰশ্বিপৰ প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰাৰ পিছৰেপৰা ভালেখিনি দুৰ আগবাঢ়ি আহিছে। তেতিয়াৰেপৰা এই ফাউণ্ডেচনৰ ছত্ৰছায়াত অসমৰ চিত্রকলা, ভাস্কৰ্য, কবিতা আৰু জনগোষ্ঠীয় ৰন্ধন-কলাৰ বিষয়ে নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলক সজাগ, সচেতন আৰু প্রশিক্ষিত কৰি তুলিবলৈ “মনতুলিকা”, “মনমৃত্তিকা”, “মনকবিতা”, “আহাৰৰ আখলী”ৰ দৰে কেইবাটাও পদক্ষেপ আৰম্ভ কৰা হৈছে।

“টোপনিতো তেওঁ মোক খেদি ফুৰিছিল” কবিতাটিক সাংগীতিক ৰূপ দিয়াটো এটা কঠিন কাম আছিল যদিও জয় বৰুৱাই ইয়াক সুন্দৰকৈ এক অপৰূপ গীতলৈ ৰূপান্তৰিত কৰিছে। জয় বৰুৱাৰ সাংগীতিক ৰচনাত এই বিমূর্ত কবিতাটিৰ আঁৰত লুকাই থকা কবিৰ চিন্তাধাৰাক মূৰ্তমান কৰিবলৈ প্ৰয়াস কৰিছে।

জয় বৰুৱাৰ সৈতে গীতটিত সহযোগিতা আগবঢ়াইছে ক্ৰমে শংকুৰাজ কোঁৱৰ (পিয়ানো আৰু অতিৰিক্ত কণ্ঠ), মনস্থৰাম মহন্ত (গীটাৰ), ইবচনলাল বৰুৱা (মিক্স আৰু মাষ্টাৰিং) আৰু সমুদ্র কাজল শইকীয়াই (ভিডিঅ’, কলা-নিৰ্দেশনা)। উপ-শিৰোনামাৰ বাবে কবিতাটিৰ ইংৰাজী অনুবাদ কৰিছে প্রিয়াংক শৰ্মাই।

“মনকবিতা” পদক্ষেপৰ ধাৰণা আৰু ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ ছত্ৰছায়াত এই প্ৰকল্পৰ নেতৃত্ব দিয়া সদস্যসকল হ’ল কৃষ্ণা বৰুৱা, বিপুলজ্যোতি শইকীয়া, নয়ন প্ৰসাদ, প্রশান্ত সাগৰ চাংমাই, অন্দিম বৰকটকী, কৌশিক নাথ, ৰিণিকি ভূঞা শর্মা, আদিল হুছেইন আৰু উৎপল বৰপূজাৰী।
