নিউজ ডেস্ক: দেওবাৰৰ পৰা অৰুণাচলত প্ৰদেশত দক্ষিণ এছিয়াৰ যুৱ টেবুল টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ কৰা হৈছে। উক্ত প্ৰতিযোগিতা খনত মুঠ ছয়খন দেশ বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল আৰু শ্ৰীলংকাৰ পৰা ১০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখন উদ্বোধন কৰে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে।

মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশৰ ক্ৰীড়াৰ ইতিহাসত এয়া এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। ভাৰতত টেবুল টেনিছৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আমাৰ সকলো খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে।’ লগতে তেওঁ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা সকলো খেলুৱৈৰ সফলতা কামনা কৰে।

মন্ত্ৰীগৰাকীয়ে দিনৰ ভাগত ইয়াৰ অনাথ শিশুৰ বাবে থকা দীপক নবাম লিভিং হোম পৰিদৰ্শন কৰি ক্ৰীড়া সামগ্ৰী কোম্পানী দ্বাৰা এখন এম্বুলেন্স প্ৰদান কৰে ।

অহা ১৭ মে’ত এই প্ৰতিযোগিতাখন সমাপ্ত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply