নিউজ ডেস্ক: ৰাজ্যত প্রচণ্ড গ্রীষ্মপ্ৰৱাহৰ সময়তে বিদ্যুৎ মাচুল বৃদ্ধিৰ লগে লগে জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি হোৱা বিদ্যুৎ মাচুলৰ পৰা ৰেহাই পাবলৈ জনসাধাৰণক ফেন চলোৱাৰ পৰা বিৰত থাকি গছৰ তলত থাকিবলৈ আজব পৰামৰ্শ আগবঢ়াইছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যদি বিদ্যুতৰ বিল বৃদ্ধি পায়, তেতিয়াহ’লে জনসাধাৰণে ঘৰত ফেন চলোৱাৰ পৰা বিৰত থাকি গছৰ তলত থাকিব পাৰে। ৰাজ্যত নিজা বিদ্যুৎ উৎপাদন সীমিত। এনে অৱস্থাত চৰকাৰে বাহিৰৰ পৰা বিদ্যুৎ‍ ক্ৰয় কৰা বাদে আন কোনো উপায় নাই। বাহিৰৰ কোম্পানীৰ পৰা চৰকাৰে বিদ্যুৎ ক্ৰয় কৰি যোগান ধৰিব লাগে। তাৰ বাবে চৰকাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলগীয়া হয়। চৰকাৰৰ অতিৰিক্ত উৎসৰ বাবে কোনো ফার্ম হাউছ নাই। উৎপাদনকাৰীয়ে বিদ্যুতৰ মূল্য বঢ়াবই।

উল্লেখ্য যে বিধানসভাৰ অধ্যক্ষগৰাকীৰ এই আজব পৰামৰ্শৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আজি সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয় যে অসমত উন্নয়নৰ গংগা বৈ থকা বিজেপি চৰকাৰৰ দিনত জনসাধাৰণক আদিম যুগলৈ উভতি যোৱাৰ বাবে পৰামৰ্শ দিছে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply