নিউজ ডেস্কঃ অগণন জনতাৰ উপস্থিতিত আজি দেশৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কাজিৰঙাত আয়োজিত “গজ উৎসৱ-২০২৩”ৰ শুভ উদ্বোধন কৰিলে।

ভাৰত চৰকাৰৰ বন মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত গজ উৎসৱ-২০২৩ ত ৰাষ্ট্ৰপতি গৰাকীয়ে ‘আপোনালোক সকলোকে নমস্কাৰ’ বুলি অসমীয়াতে ভাষণ প্ৰদান কৰে।

লগতে তেওঁ কয়, হাতী-মানুহৰ সংঘাত, হাতীৰ সংৰক্ষণৰ এই সকলোবোৰ গজ মহোৎসৱৰ লক্ষ্য।

হাতীক বান্ধি মানুহে নিজৰ বুদ্ধিমত্তাত গৌৰৱ কৰিব নালাগে বুলিও ভাষণৰ জৰিয়তে ৰাষ্ট্ৰপতি গৰাকীয়ে কয়।

ইফালে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি গৰাকীয়ে বিহু নৃত্যক উপভোগ কৰি আজি তেওঁ কয় যে, মই বিহু নৃত্য দেখি আনন্দিত হ’লো। অসমৰ বিহু নৃত্য সকলোতকৈ পৃথক।

লগতে তেওঁ সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছাও দিয়ে। তাৰ পিছত তেওঁ কয়, “যোৱাকালি ইয়ালৈ আহোঁতে ৰাস্তাত বহু লোকে মোক আদৰণি জনাইছিল। আপোলোকৰ এনে মৰম দেখি মই অভিভূত হৈছোঁ। মই এই মৰম সদায় মনত ৰাখিম”।

উক্ত শুভ উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্রৰ যাদৱ ডাঙৰীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অশ্বিনী চৌবে, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী অজন্তা নেওগ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে উপস্থিত থাকে।

লগতে পঢ়ক – তিহাৰৰ পৰা দেশবাসীলৈ মনীষ চিছোদিয়াৰ চিঠি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply