ডুমডুমা, ২৩ ফেব্ৰুৱাৰী: মাকুম-ডাঙৰী শাখা ৰে’লৱেৰ অন্তৰ্ভুক্ত মাকুমৰ উজনিৰ বৰহাপজান,  হাঁহচৰা,  ডুমডুমা,  ৰূপাই,  তালাপ আৰু ডাঙৰী ষ্টেচন অঞ্চলৰ লগতে ধলা আদি ব্যৱসায়িক ঠাইৰ ৰাইজে ৰে’ল বিভাগৰ ওচৰত কিছু বছৰ পূৰ্বে দাবী জনাইছিল যে এই অঞ্চলটোৰ ৰাইজে যাতে কম খৰছত জিলাৰ সদৰ তিনিচুকীয়াৰ ফালে সুচলভাৱে যাতায়ত কৰিব পাৰে তাৰ বাবে শাখাটোত এখন যাত্ৰীবাহী ৰেল প্ৰৱৰ্তন কৰিব লাগে।

মাকুমৰ পৰা ৯ কি:মি দূৰত্বত তিনিচুকীয়া অৱস্থিত। ৰাইজৰ প্ৰৱল দাবীত শেষত উপায়ন্তৰ হৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ সাংমাণ্ডলিক বিষয়াগৰাকীয়ে এখন যাত্ৰীবাহী ৰেলগাড়ী দেওবাৰক বাদ দি সপ্তাহত ছয়দিন ৩২ কি:মি দূৰত্বৰ মাকুম-ডাঙৰী ব্ৰডগজ শাখাত চলোৱাৰ ব্যৱস্থা কৰে। মাকুমৰ পৰা ডাঙৰীলৈ ৰে’ল লাইনৰ কাষত আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। মটৰ গাড়ীৰে এই পথচোৱা যাবলৈ সময় লাগে প্ৰায় ৪০ মিনিট।

উল্লেখ্য যে এই শাখাটো অসমত ১৮৮৫ চনত প্ৰতিষ্ঠা হোৱা প্ৰথম ডিব্ৰুগড়-শদিয়া ৰে’লপথৰ এটা অংশ। আশ্চৰ্যজনক কথা এই যে ঘন্টাত ১২ কি:মি বেগত নিশা আৰু পুৱা চলা এই ৰে’লখন বছৰ বছৰ ধৰি এজনো যাত্ৰী নোহোৱাকৈ মাকুম-ডাঙৰী শাখাত চলি আছে।

জানিব পৰা মতে, পুৱা ৫:৩০ বজাত ৰে’লখনৰ নামনিমুখী যাত্ৰা ডাঙৰীৰ পৰা আৰম্ভ হয় আৰু আঢ়ৈ ঘন্টাৰ মূৰত ৩২ কি:মি দূৰৰ মাকুম জংচন  পায়গৈ পুৱা ৮-০০ বজাত। আঢ়ৈ ঘন্টা সময় লগাৰ প্ৰথম কাৰণ এয়াই যে ৰে’লপথচোৱা চাহ বাগিছাৰে আবৃত আৰু দ্বিতীয়তে তাৰ একেবাৰে দাঁতিৰে ৩৭ নং ৰাষ্ট্ৰীয় পথটো আছে। ৰে’লখনৰ চালক দুজন আৰু ৰেলগেটবোৰ খোলা আৰু বন্ধ কৰাৰ বাবে অহা এজন কৰ্মচাৰী প্ৰতিবাৰ অহা-যোৱা কৰা ৰেলখনৰ একমাত্ৰ যাত্ৰী।

মজাৰ কথা এই যে প্ৰতিটো ৰেলগেট পোৱাৰ আগতে ৰেলখন চালকে ৰখাই দিয়ে আৰু কৰ্মচাৰীজন নামি গৈ ৰেলগেটখন বন্ধ কৰি দিয়ে। প্ৰতিটো ৰেলগেটত একেই কাম। কোনো যাত্ৰী নাথাকে বাবে চালকৰ ইচ্ছা অনুসৰি ৰেলখন চলি থাকে। সন্ধিয়া ৭-৩০ বজাত মাকুমৰ পৰা উজনি মুখে ৰেলখনে দিনটোৰ দ্বিতীয় যাত্ৰা আৰম্ভ কৰি নিশা ১০-০০ বজাৰ সময়ত ডাঙৰী পায়গৈ।

কিন্তু, ডাঙৰী যিহেতু ষ্টেচন নহয় মাত্ৰ এটা স্টপেজহে সেইবাবে নিশাভাগত নিৰাপত্তা আৰু অন্যান্য কাৰণত ৰেলগাড়ীখন তাৰ পৰা পুনঃ মাকুমলৈ নিশা ১০-০০ বজাৰ পাচতে পুনৰ গমণ কৰে আৰু একেদৰে নিশা ১২-৩০ বজাত মাকুম পাইগৈ । নিশা ২-৩০ বজাৰ সময়ত পুনঃ মাকুমৰ পৰা ডাঙৰীলৈ ৰেলগাড়ীখনে উজনিমুৱা যাত্ৰা আৰম্ভ কৰে আৰু পুৱা ৫ বজাত ডাঙৰী পায়গৈ।

এতিয়া স্থানীয় ৰাইজৰ প্ৰশ্ন, মাকুম-ডাঙৰী শাখাত ৰেল বিভাগৰ বাণিজ্য শূন্য কিয়?  তাৰ পৰা ৭ কি:মি দূৰত ব্যৱসায়ৰ কেন্দ্ৰস্থল ধলা বজাৰ(ছৈখোৱাঘাট) আছে। কিন্তু, মাকুম-ছৈখোৱা শাখা ৰেল সুৰক্ষা সমিতিয়ে কেইবাবছৰো দাবী জনাই অহা স্বতেও ছৈখোৱাঘাটলৈ ৰেল লাইনটো বৰ্ধিত কৰা নাই কিয়?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply