নিউজ ডেস্ক: মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া চিতাবোৰ ৰাজস্থানলৈ স্থানান্তৰৰ আদেশ প্ৰদান কৰিছে উচ্চতম ন্যায়লয়ে। দক্ষিণ আফ্ৰিকাৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা চিতাবোৰ ৰাজস্থানৰ মান্দসৌৰ জিলাত অৱস্থিত গান্ধী সাগৰ অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হ’ব বুলি উচ্চতম ন্যায়লয় ঘোষণা কৰে।
মুখ্য সচিব ইকবাল সিং বাইছৰ নেতৃত্বাধীন চিতা টাস্ক ফ’ৰ্চে চিতাবোৰ স্থানান্তৰৰ বাবে অনুমোদন জনাইছে । লগতে উচ্চতম ন্যায়ালয়ে কয় যে কুনো টাস্ক ফ’ৰ্চ বিষয়াৰ চিতা পৰিচালনাৰ অভিজ্ঞতা নাই ।
বিষয়াসকলে এক বৈঠকত কয় যে গান্ধী সাগৰ আৰু নৌৰাদেহীত ফেঞ্চিঙৰ ব্যৱস্থা কৰা হ’ব । ইতিমধ্যে তাত নিবিদা জাৰি কৰা হৈছে।
বৈঠকত বন বিভাগৰ বিষয়াসকলে কয় যে একেখন অভয়াৰণ্যতে আটাইবোৰ চিতা ৰখাটো উচিত নহয় । ভৱিষ্যতে ইয়াৰ বাবে কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে । ভৱিষ্যতে যিকোনো ধৰণৰ সংক্ৰমণৰ সমস্যাই সকলো চিতাৰ ওপৰত সংকট সৃষ্টিও কৰিব পাৰে । উল্লেখ্য যে কুনো অভয়াৰণ্যৰ এলেকা অনুসৰি তাত থকা চিতাৰ সংখ্যা অধিক হোৱা বুলি কোৱা হৈছে ।
উল্লেখ্য যে শেহতীয়াভাৱে ৰাষ্ট্ৰীয় উদ্যানখনত ৩ টা চিতাৰ মৃত্যুৰ পিছত উচ্চতম ন্যায়ালয়ে চিতাবোৰ ৰাজস্থানলৈ স্থানান্তৰৰ পৰামৰ্শ দিয়ে ৷