নিউজ ডেস্ক: SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য অব্যাহত আছে। জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা এজন লোকৰ আত্মসমৰ্পণ। লখিমপুৰ জিলাৰ বঙালমৰাৰ ৰিয়াজুল ইছলাম নামৰ এজন লোকে বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰিছে। নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছে অভিযুক্তগৰাকীয়ে। নকল সোণৰ অবৈধ ব্যৱসায়ৰ সৈতেও জড়িত ৰিয়াজুল।
SI জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পিছতেই লখিমপুৰত আৰক্ষী অধীক্ষকৰৰ দায়িত্ব প্ৰদান কৰা হৈছিল আনন্দ মিশ্ৰক। জিলাখনৰ দায়িত্ব লৈয়েই আৰক্ষী অধীক্ষকগৰাকীয়ে অপৰাধীক আত্মসমৰ্পণ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছিল।
আনন্দ মিশ্রৰ হুংকাৰৰ পিছতেই নগাঁৱত আত্মসমৰ্পণ কৰিছে অভিযুক্তগৰাকীয়ে। সম্প্রতি তদন্তকাৰী বিষয়াই ৰিয়াজুলক সোধা-পোছা অব্যাহত ৰাখিছে। জোনমণি কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল ৰিয়াজুলৰ।