নিউজ ডেস্ক: ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৩,৭২০ জন লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্রণালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজা পর্যন্ত সমগ্ৰ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা মুঠ ৪,৪৯,৫২,৯৯৭ জন। বিগত ২৪ ঘন্টাত সুস্থ হোৱা লোকৰ সংখ্যা ৭,৬৯৮ জন। ইয়াৰ লগে লগে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৭৩ শতাংশ।
আনহাতে সমগ্ৰ দেশত যোৱা ২৪ ঘণ্টাত ১,৫০,৭৩৫ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। ইফালে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৬,৭১,০৭২ জনলৈ বৃদ্ধি পাইছে৷ কালি দেশত বুষ্টাৰ পালি ১৫-১৭বছৰ বয়সৰ উপৰি ১২-১৪বছৰৰ শিশুসকলকে ধৰি সৰ্বমুঠ ২,৪৫৯ জনক কৰোনা টীকা প্ৰদান কৰা হয়।
ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৫৮৪ জন (১.১৮ শতাংশ) লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্রিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৪০,১৭৭ জন। দৈনিক সংক্ৰমণৰ হাৰ হৈছে ২.৪৭ শতাংশ। যিটো মুঠ সংক্ৰমণৰ ০.০৯ শতাংশ।