গুৱাহাটী- ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ১,৮৩৯ জন লোক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈকে সমগ্ৰ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা মুঠ ৪,৪৯,৭১,৪৭০ জন। আনহাতে বৰ্তমানলৈ ৪,৪৪,১৪,৫৯৯ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ৩,৮৬১ জন লোক সুস্থ হয় উঠিছে।

তথ্য অনুসৰি, ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৭৬ শতাংশ।

আনহাতে, ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বমুঠ ৫,৩১,৬৯২ জন লৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ২৫,১৭৮ জন।

সমগ্ৰ দেশত যোৱা ২৪ ঘণ্টাত, ৭৩,৭০৬ জনৰ শৰীৰত কৰোনা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছিল। লগতে বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৬,৭৯,৭৩৫ জনলৈ বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply