নিউজ ডেস্ক: আজি মুক্তি লাভ কৰিলে প্ৰভাস, কৃতি সেনন, ছাইফ আলি খানৰ অভিনীত বলিউডৰ ছবি আদিপুৰুষৰ ট্ৰেইলাৰ। ছবিখনৰ ঘোষণা হোৱাৰ পৰা কিছু বিৰ্তকৰ সন্মুখীন হৈছিল যদিও বিৰ্তকৰ মাজেৰে মুক্তি লাভ কৰিলে ছবিখনৰ ট্ৰেইলাৰ।
ওম ৰাওতৰ দ্বাৰা পৰিচালিত ছবিখনত দক্ষিণৰ অভিনেতা প্ৰভাসে অভিনয় কৰিছে ৰামৰ চৰিত্ৰত, কৃতি সেননে সীতা চৰিত্ৰত আৰু ছাইফ আলি খানে ৰাৱণৰ চৰিত্ৰত আনহাতে ছানী সিং আৰু দেৱদত্ত নাগে ক্ৰমে লক্ষ্মণ আৰু হনুমান চৰিত্ৰত অভিনয় কৰিছে।
টি-ছিৰিজৰ অফিছিয়েল ইউটিউব চেনেলত নিৰ্মাতাই মুকলি কৰিলে ছবিখনৰ ট্ৰেইলাৰ। হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত ছবিখনে মুক্তি লাভ কৰিব।
আদিপুৰুষ ছবিখন মহাকাব্য ৰামায়ণৰ পৰা অনুপ্ৰাণিত ছবি। প্ৰায় ৫০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত আদিপুৰুষ ছবিখন ভাৰতীয় ছবিসমুহৰ ভিতৰত অন্যতম। ২০২৩ চনৰ ১৬ জুনত ছবিগৃহত মুক্তি পাব আদিপুৰুষ।