নিউজ ডেস্ক- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২২-২৩ ৰবি ঋতুত খৰিফ শস্যৰ এনবিএছ হাৰ, নাইট্ৰজেন, ফছফৰাছ, পটাছ, ছালফাৰৰ দৰে বিভিন্ন পুষ্টিৰ বাবে ৰাজসাহায্য ৰখাৰ বাবে কেন্দ্ৰীয় সাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই হাৰ ১জানুৱাৰী, ২০২৩ ৰ পৰা ৩১ মাৰ্চ, ২০২৩ লৈ ৰবি ঋতু আৰু ১ এপ্ৰিল, ২০২৩ ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ খৰিফ ঋতুৰ বাবে প্ৰযোজ্য হ’ব।

আনহাতে, এনডিএছ আঁচনিৰ অধীনত ফছফৰাছ আৰু পটাছ সমৃদ্ধ সাৰৰ বাবে ৰাজসাহায্য প্ৰদান কৰা হ’ব। চৰকাৰে কৃষকসকলক ৰাজসাহায্যযুক্ত মূল্যত ২৫ প্ৰকাৰৰ ফছফৰাছ আৰু পটাছ সাৰ প্ৰদান কৰিব।

উল্লেখ্য যে, চৰকাৰে ২০২৩ চনৰ খৰিফ ঋতুৰ বাবে ৩৮,০০০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰিব। এই সিদ্ধান্তটো কৃষকসকলক ৰাজসাহায্যযুক্ত হাৰত উচ্চ মানদণ্ডৰ পি এণ্ড কে সাৰ প্ৰদান কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ লক্ষ্য। কেবিনেটৰ সিদ্ধান্তই কৃষকসকলক ৰাজসাহায্যযুক্ত হাৰত ডিএপি আৰু অন্যান্য পি এণ্ড কে সাৰ প্ৰদান কৰাত সহায় কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply