নিউজ ডেস্ক: অব্যাহত আছে মণিপুৰৰ হিংসাত্মক কাৰ্যকলাপ। পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পিছত ৫ জুলাইৰ পৰা খুলি দিয়া হৈছিল বিদ্যালয়সমূহ। কিন্তু তাৰপিছতে বিদ্যালয়ৰ সন্মুখত মহিলাক দুৰ্বৃত্তই হত্যা কৰাৰ খৱৰ পোহৰলৈ আহিছে।

এতিয়া মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন আমেৰিকা যুক্তৰাষ্ট্ৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যিকোনো প্ৰকাৰে সহায় কৰিবলৈও সাজু আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্রদূত এৰিক গাৰ্চেটিয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট প্ৰগতি হৈছে আৰু শান্তি অবিহনে এয়া সম্ভৱ নহয়। তেওঁ লগতে কয় যে মণিপুৰৰ হিংসা এক ভাৰতীয় বিষয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই অঞ্চলটোত শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে কিয়নো অঞ্চলটোত শান্তি স্থাপন হ’লে আমেৰিকাই অধিক সহযোগিতা, অধিক প্রকল্প আৰু অধিক বিনিয়োগ কৰিব পাৰিব।

তেওঁ লগতে কয় যে “উত্তৰ-পূব আৰু পূব প্ৰান্তত যথেষ্ট উন্নয়ন হৈছে। দেশখনে শেহতীয়া বছৰত কিছুমান উল্লেখযোগ্য কাম কৰিছে আৰু সেইবোৰ শান্তি অবিহনে অব্যাহত ৰাখিব নোৱাৰে বুলিও তেওঁ কয়। সেয়েহে আমেৰিকাই যিকোনো ধৰণে ভাৰতক সহায় কৰিবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply