নিউজ ডেস্ক: টুইটাৰ যেন এতিয়া সাধাৰণ ব্যৱহাৰকাৰী বাবেও বিনামূলীয়া হৈ নাথাকিব। শেহকীয়াকৈ টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কে টুইটযোগে প্ৰকাশ কৰা অনুসৰি অহা মাহৰ পৰা মিডিয়া পাব্লিশাৰসকলে তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰবন্ধৰ বাবদ টুইটাৰৰ ব্যৱহাৰকাৰীৰ পৰা মাচুল আদায় ল’ব পাৰিব। অৰ্থাৎ টুইটাৰত বিভিন্ন ধৰণৰ প্ৰবন্ধ পঢ়াৰ বাবদত ব্যৱহাৰকাৰীয়ে আদায় দিব লাগিব মাচুল।
যাৰ বাবে টুইটাৰত প্ৰবন্ধ পঢ়া বাবে ব্যৱহাৰকাৰীয়ে মাহেকীয়া ছাবস্ক্রিপচন লোৱাৰ ব্যৱস্থা কৰিব। লগতে, যিসকল টুইটাৰ ব্যৱহাৰকাৰীয়ে মাজে সময়ে হে প্ৰবন্ধ পঢ়ে তেওঁলোকে নিজা সুকীয়া পছন্দৰ প্ৰবন্ধ অনুযায়ী মাচুল আদায় কৰি পঢ়িব পাৰিব।
এই সিদ্ধান্তক এলন মাস্কে মিডিয়া সংস্থা আৰু নাগৰিকৰ দুয়োৰে বাবে এক বৃহৎ বিজয় বুলি কৈছে।
আঁতৰোৱা হৈছিল টুইটাৰ ভেৰিফাইড একাউণ্টৰ পৰা ব্লু টিক
টুইটাৰে ২০ এপ্ৰিল নিশা ১২ বজাৰ পৰা ভেৰিফাইড একাউণ্ট সমূহৰ পৰা ব্লু টিকটো আঁতৰাই দিছিল। টুইটাৰে তেনেবোৰ একাউণ্টৰ পৰাহে ব্লু টিকটো আঁতৰাইছে যিয়ে কোম্পানীটোৰ নতুন নিয়মৰ অধীনত ব্লু টিক প্লেনৰ বাবে সাবস্ক্ৰাইব (Subscribe) কৰা নাছিল। ইয়াৰে ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ক্ৰিকেটাৰ বিৰাট কোহলী, ৰোহিত শৰ্মা, অভিনেতা অমিতাভ বচ্চন, চলমান খান, শ্বাহৰুখ খান, অক্ষয় কুমাৰ আৰু পাপনৰ দৰে বহুতো নাম অন্তৰ্ভুক্ত আছিল। আগলৈ পঢ়ক….


ব্যৱহাৰকাৰীয়ে কি কি সুবিধা লাভ কৰিব ব্লু টিক চাবস্ক্ৰিপশ্বন কৰিলে?
মাস্কে এই নতুন নিয়ম সংযোজন কৰাৰ পিছত কিছু সুবিধাও প্ৰদান কৰিছে ব্যৱহাৰকাৰীলৈ,
চাবস্ক্ৰিপশ্বন কৰিলে টুইটাৰ ব্যৱহাৰকাৰী সকলে বিজ্ঞাপন দেখা নাপাব, লিখি টুইট কৰিলে আখৰবোৰ বোল্ড আৰু ইটালিকো কৰিব পাৰিব, দীঘলীয়া আৰু ১০৮০পি ভিডিঅ’ আপলোড কৰিব পাৰিব আৰু আপলোড হোৱা টুইটবোৰ ৩০ মিনিটৰ ভিতৰত ৫ বাৰ পুনৰ Edit কৰিব পাৰিব। লগতে দিয়া হৈছে আৰু বহুকেইটা সুবিধা।
টুইটাৰ ব্যৱহাৰকাৰী সকলে বৰ্তমান কেৱল ২৮০ টা শব্দ ব্যৱহাৰ কৰিব পাৰে যিকোনো টুইট কৰাৰ সময়ত। কিন্তু এতিয়া যিসকলে চাবস্ক্ৰিপশ্বন কৰিব তেওঁলোকে টুইট বা ৰিপ্লাই আদি কৰিলে ১০,০০০ শব্দ ব্যৱহাৰ কৰিব পাৰিব।
আনহাতে কোম্পানীটোৱে ব্লু টিকৰ বাহিৰেও নতুনকৈ দুটা ৰঙৰ ভেৰিফাইড টিকৰো টুইটাৰ ব্যৱহাৰী সকলৰ বাবে আনিছে। ব্যৱসায়িক টুইটাৰ একাউণ্টৰ বাবে গোল্ডেন টিক আৰু চৰকাৰী অথবা মাল্টিলেটৰেল একাউণ্টৰ বাবে গ্ৰে টিকটো নতুনকৈ সংযোজন কৰিছে। আগলৈ পঢ়ক….
লগতে পঢ়ক – পুনৰ স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফলত বিসংগতি, একেইজন প্ৰাৰ্থীই ২১ টাকৈ পদৰ বাবে নিৰ্বাচিত