ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে অহা ৩ মে’ত এদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি অসমৰ ডিব্ৰুগড় ভ্ৰমণ কৰিব। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকিব,আৰু সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰিব।

তেওঁৰ লগতে অসমৰ ৰাজ্যপাল গুলাব চন্দ কাটাৰিয়া, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, আৰু শিক্ষা মন্ত্ৰী ড° ৰানোজ পেগু এই অনুষ্ঠানটোত উপস্থিত থাকিব।

তাৰপাছতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মণিপুৰৰ ইম্ফলৰ ধননঞ্জৰি বিশ্ববিদ্যালয় ভ্ৰমণ কৰিব। ইয়াত তেওঁ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ সৈতে এক পাৰস্পৰিক ক্ৰিয়াৰ কাৰ্যসূচীত লিপ্ত হ’ব। এই অধিবেশনত ডেকা মনৰ দ্বাৰা মূল্যৱান আলোচনা আৰু ধাৰণা বিনিময়ৰ সুযোগ লাভ কৰিব।

ভ্ৰমণৰ শেষত ধনখৰে ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰিব, য’ত তেওঁ দেশৰ বিভিন্ন কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ অনুষদ বিজ্ঞানীসকলৰ সৈতে এক ইন্টাৰেকচন প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব।

দুয়োটা অনুষ্ঠানতে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা ৰাজ্যিক মন্ত্ৰী ড০ ৰাজকুমাৰ ৰঞ্জন সিঙে অংশগ্ৰহণ কৰিব। ধনমঞ্জুৰি বিশ্ববিদ্যালয়ৰ এই কাৰ্যসূচীত মণিপুৰ চৰকাৰৰ শিক্ষামন্ত্ৰী বসন্ত সিংও উপস্থিত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply