নিউজ ডেস্ক: কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ পুনৰ কামপুৰত বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ। বিগত বছৰৰ ভয়ংকৰ বানে ভাঙি তচনচ কৰি পেলাইছিল কামপুৰ গোসাঁইগাঁও প্ৰেমজান বান্ধ। বান্ধটো জলপ্ৰলয়ে ভাঙি তচনচ কৰাৰ ফলত হাজাৰ হাজাৰ বিঘা কৃষিভূমি বানে নষ্ট কৰাৰ লগতে কপিলীৰ বানে উটুৱাই নিছিল বহু পৰিয়ালৰ বাসগৃহ।
বানৰ পাছত বিভাগীয় কতৃপক্ষই বান্ধৰ কাম হাতত লৈছিল যদিও বান্ধ নিৰ্মাণৰ কাম আধাতে বন্ধ কৰি দিয়াৰ অভিযোগ তুলিছে গোঁসাই গাঁৱৰ ৰাইজে।
উল্লেখ্য যে কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ পৰাৰ ফলত বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ। পুনৰ বানৰ আশংকাত আতংকিত হৈছে সমগ্ৰ কামপুৰ অঞ্চল। ৰাইজে চৰকাৰক শীঘ্ৰে বান্ধটোৰ নিৰ্মানৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।