তাঁতৰ পাতত বহি
ভৰি গৰকাতে,
চেনাই তই আহিবি
এইবাৰ ব’হাগতে…
আজি হৈছে তাঁতৰ বিহু। ব’হাগ বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম হৈছে তাঁতৰ বিহু। সাত বিহুৰ চতুৰ্থ দিনটোত অসমীয়া লোক সকলে তাঁতৰ বিহু পালন কৰে।
অসমীয়া চহা জীৱনত তাঁতশালৰ গুৰুত্ব বহু বেছি। বিহুত যি বিহুৱান দিয়া হয় সেইয়া অসমীয়া শিপিনী সকলে তাঁতশালতেই বয় তৈয়াৰ কৰে।
এই কুটীৰ শিল্পবিধ অসমীয়া সমাজৰ পৰা এৰাব নোৱাৰা এক অংগ। আধুনিকতাত যদিও ইয়াৰ ব্যৱহাৰ লুপ্ত হোৱা দেখা গৈছে তথাপিও আজিও বহু চহৰ-নগৰত অসমীয়া মানুহৰ ঘৰত তাঁতশাল দেখা পোৱা যায়।
গাঁওৰ সমাজত তাঁতশালৰ আজিও সমাদাৰ কমা নাই। বিহুৰ বাবে হওক বা কোনো বিয়া-সকামতেই হওক, গামোচা খন বহু প্ৰয়োজনীয় এক অংশ। এনেবোৰ অনুষ্ঠানৰ বাবে গাঁওৰ লোক সকলে নিজেই ঘৰতেই গামোচা বা অন্য পিন্ধিব পৰা কাপোৰ তাঁতশালতেই তৈয়াৰ কৰি লয়।
তাঁতশালত শিপিনীয়ে সদায় গামোচা হওক বা অন্য পিন্ধিব পৰা কাপোৰেই হওক তাত তেওঁলোকে ফুল বাচিব পাৰে। যাৰ বাবে অসমৰ তাঁতশালত বোৱা কাপোৰৰ আদাৰ গোটেই বিশ্বতেই দেখিবলৈ পোৱা যায়।
তাঁতশাল প্ৰধানকৈ বাঁহ আৰু কাঠেৰেই নিৰ্মিত হৈছিল। তাঁতশালত ব্যৱহাৰ হোৱা বাহঁৰ সজুঁলিসমূহ-
উঘা, চেৰেকী, বৰ চেৰেকী, তাঁৰশলি (মিহি), তাঁতৰ শলি (ডাঙৰ), যতঁৰ শলা, ৰাচঁ, ৰাচঁৰ কাঠি, মাকো শলি, ব’ টোলা চোঙা, চেপেটা চিৰি, গোটা কামি, তাত শালৰ খুটা, গৰকা মাৰি, গৰকা খুটি, ব’ টোলা খুটি, কানমাৰি, চালি মাৰি, নাচনী মাৰি, ফুলটোলা কাঠি, ফুলৰ চানেকি, মহুৰা থোৱা খৰাহি৷
আনহাতে, তাঁতশালত ব্যৱহাৰ হোৱা কাঠৰ সজুঁলিসমূহ হৈছে-
তোলোঠা, মাকো, দ্ৰুপদী, নাচনী, তাতঁৰ খুটি, যতঁৰ আদি।
তাতঁশাল ববলৈ শিপিনীসকলে বিভিন্ন প্ৰকাৰৰ সূতা ব্যৱহাৰ কৰে। সেই সূতাবোৰ হৈছে- পকোৱা সূতা, মাচৰাইচ, বালাম, কৰিতলা, পোন্ধৰতলা, তেৰ’তলা, দহতলা আদি।
লগতে পঢ়ক – প্ৰায় চাৰে ৯ ঘণ্টাৰ জেৰা অন্তত কেজৰিৱাল CBI কাৰ্যালয়ৰ পৰা ওলাই আহে