নিউজ ডেস্ক- ভাৰতত বিশ্বৰ আটাইতকৈ ওখ ৰে’ল দলং নিৰ্মাণ কৰা হৈছে। ভাৰতীয় ৰে’লৱেই জম্মু আৰু কাশ্মীৰত বিশ্বৰ ভিতৰতে সর্বোচ্চ চেনাব ৰে’লৱে দলং নিৰ্মাণ কৰি ইতিহাস সৃষ্টি কৰিছে।
আইফেল টাৱাৰতকৈ প্ৰায় ২৯ মিটাৰ (৯৫ ফুটৰ ওপৰত) ওখ চেনাব দলংখন ভাৰতৰ বিতৰ্কিত জম্মু-কাশ্মীৰ অঞ্চলত চেনাব নদীৰ পৰা ৩৫৯ মিটাৰ (প্ৰায় ১১৮০ ফুট) ওপৰত অৱস্থিত। এই দলংখন জম্মু আৰু কাশ্মীৰৰ বক্কাল আৰু কৌউৰীৰ মাজত ৰিয়াচীৰ পৰা ৪২ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰা হৈছে।
উল্লেখ্য যে চেনাব দলং হৈছে কাটৰাৰ পৰা বানিহালৰ মাজৰ এখন দলং। এই দলংখন আইফেল টাৱাৰতকৈ ওখ । আইফেল টাৱাৰৰ উচ্চতা ৩২৪ মিটাৰ আৰু এই দলংখনৰ উচ্চতা ৩৫৯ মিটাৰ আৰু দৈৰ্ঘ্য ১,৩১৫ মিটাৰ।

আনহাতে, এই দলংখনে প্রতি ঘণ্টাত ২৬০ কিলোমিটাৰ বেগত চলি থকা বতাহৰ সন্মুখীন হ’বলৈ সক্ষম হ’ব। ইয়াৰ উপৰি এই দলংখন ৰিখটাৰ স্কেলত ৮ প্রাবল্যৰ ভূমিকম্প ৰক্ষা কৰিবলৈ সক্ষম।
লগতে, ১৩১৫ মিটাৰ দৈৰ্ঘ্য (৪৩১৪ ফুট) এই দলংখন ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ দ্বাৰা কাশ্মীৰ উপত্যকাত প্ৰৱেশযোগ্য কৰি তোলাৰ এক বহল প্ৰকল্পৰ অংশ। চেনাব দলঙৰ উপৰিও উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লিংক (USBRL) প্ৰকল্পত দেশৰ আটাইতকৈ দীঘলীয়া পৰিবহণ সুৰংগ আৰু ভাৰতীয় ৰে’লৱেৰ প্ৰথমখন দলং হ’বলগীয়া সুৰংগটো জড়িত হৈ আছে।