গুৱাহাটী- আমিনগাঁৱত বিগত কেবামাহ ধৰি সঘনাই জণ্ডিচৰোগত অৰ্ধশতাধিক লোক আক্ৰান্ত হৈছে। অঞ্চলটোত জণ্ডিচ ৰোগে সংহাৰী ৰুপ লোৱা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, জানুৱাৰী মাহতো জণ্ডিচত আক্ৰান্ত হৈ ৩টাকৈ শিশু মৃত্যু হৈছিল। ইতিমধ্যে ৭গৰাকী লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

আনহাতে, স্বাস্থ্য বিভাগে বিষয়টোক গুৰুত্ব নিদিয়া বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমিনগাঁৱত উপস্থিত হয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “ৰেল আৰু জনস্বাস্থ্য কাৰিকৰী দুয়োটাৰে বিষয়াসকলৰ সৈতে মই আজি ইয়াৰ পানীৰ গুণাগুণৰ বিষয়ে আলোচনা কৰিলো। ইয়াৰ বাবে নতুন আচঁনি তৈয়াৰ কৰিব লাগিব।”

আনহাতে, শুকুৰবাৰে GMCHৰ বিশেষ চিকিৎসকৰ দল আমিনগাঁৱলৈ প্ৰেৰণ কৰা হব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ নতুন তিনিখনকৈ আঁচনি তৈয়াৰ কৰা হৈছে আৰু দুই-তিনিমাহৰ ভিতৰত সম্পৰ্ন্ন হব বুলিও উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply