নিউজ ডেস্ক – মাজুলীৰ সংগীত প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ ৰাজ্যবাসী শোকস্তব্ধ হোৱাৰ সমান্তৰালকৈ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ পোহৰলৈ আহিছে। তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগৰ আঙুলি উঠিছে মাজুলীৰ স্বাস্থ্যখণ্ডলৈ ৷ স্বাস্থ্য বিষয়াক নিলম্বন, স্বাস্থ্যমন্ত্ৰীক মাজুলীলৈ প্ৰেৰণ আদি বিষয়ে উত্তাল কৰি ৰাখিছে ছ’চিয়েল মিডিয়াও। ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। তেওঁ কয়- “তেজস্বিতাৰ চিকিৎসাত কোনোধৰণৰ গাফিলতি হোৱা নাই, ডাক্তৰে কেতিয়াও ইচ্ছা কৰি ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি নিদিয়ে। মই জনাত ছোৱালীজনীৰ এপিলেপচিও আছিল।তেওঁ লগতে কয় যে, হাস্পতালখনত থকা আটাইকেইজন ডাক্তৰেই স্নাতকোত্তৰ চিকিৎসক, যিমানখিনি চিকিৎসা কৰিবলগীয়া হৈছিল সকলো কৰা হৈছে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply