নিউজ ডেস্ক: ২০২৪ বৰ্ষৰ পৰা নাথাকে মেট্ৰিক, ছেবা।

মুখ্যমন্ত্রীয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক দিনত মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰা নহ’ব। ইয়াৰ বিপৰীতে স্কুলবিলাকেই বছৰেকীয়া পৰীক্ষাৰ দৰেই দশম শ্ৰেণীৰ পৰীক্ষা পাতিব পাৰিব। অৱশ্যে পাছ-ফেইল ব্যৱস্থাও থাকিব।

চলিত শিক্ষা বৰ্ষতে বিলুপ্ত কৰা হ’ব ছেবা। ছেবা আৰু শিক্ষা সংসদ সংলগ্ন কৰি গঠন কৰা হ’ব নতুন বোৰ্ড।

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিত দশম শ্রেণীৰ গুৰুত্ব কমাই দিয়া হৈছে। ইয়াৰ বিপৰীতে দ্বাদশ শ্রেণীত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত দ্বাদশ শ্রেণীৰ পৰীক্ষা ব’ৰ্ডৰ অধীনত অনুষ্ঠিত কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply