নিউজ ডেস্ক- আজি জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মা কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে।
ৰাজ্য চৰকাৰে প্ৰথমতে নতুনকৈ ৭ লাখ হিতাধিকাৰীক প্ৰতি মাহে ১২৫০ টকাকৈ অৰুণোদয়ৰ ধন প্ৰদান কৰিব। চলিত বৰ্ষৰ ১০ ছেপ্তেম্বৰৰ পৰা প্ৰত্যেকৰ একাউণ্টত সোমাব এই ধন। ইতিমধ্যে সকলো হিতাধিকাৰীয়ে প্ৰমাণ-প্ৰত্ৰ জমা দিয়া হৈ গৈছে।
অহা ২০২৫ নতুবা ২০২৭ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া অসমত অনুষ্ঠিত কৰিব, এইক্ষেত্ৰত অসম চৰকাৰে ভাৰতীয় অলিম্পিক সন্থাক অনুৰোধ জনাবলৈ আজিৰ কেবিনেটে সিদ্ধান্ত লয়।
চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০% পোৱা ছোৱালীক আৰু ৭৫% পোৱা লৰাক চৰকাৰে স্কূটী প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নত হবৰ বাবে অহা বছৰৰ পৰা ৭৫% লাভ কৰা ছাত্ৰ-ছাত্ৰীকহে স্কূটী প্ৰদান কৰিব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।
চলিত বৰ্ষত অসমৰ নৱম শ্ৰেনীৰ ৩ লাখ ৭৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰে চাইকেল প্ৰদান কৰিব। ইয়াৰ বাবে কেবিনেটে ১৬৭.৯৪ কোটি টকাৰ অনুমোদন জনাইছে।
লগতে পঢ়কঃ মহানগৰীত নাহৰফুটুকীৰ মুক্ত বিচৰণ: সতর্ক বার্তা জাৰী বনবিভাগৰ
ছয় জনগোষ্ঠীৰ বাবে কৃষি বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ থাকিব। মৰাণ,মটক,টাই আহোম,চুতীয়া,কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী এই লোকসকলৰ বাবে আসন সংৰক্ষিত থাকিব। চাহ জনগোষ্ঠীৰ বাবে ৮খন আসন, মৰাণ জনগোষ্ঠীৰ বাবে ৩খন আসন, মটক জনগোষ্ঠীৰ বাবে ৩খন আসন, কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে ৬খন আসন,টাই আহোম জনগোষ্ঠীৰ বাবে ৪খন আসন, চুতীয়া জনগোষ্ঠীৰ বাবে ৪খন আসন সংৰক্ষিত থাকিব।
খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামুলীয়া চাউল যোগান ধৰাৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত লৈছে চৰকাৰে। বছৰি আঢ়ৈ লাখৰ ঠাইত ৪ লাখ উপাৰ্জন কৰা লোকে বিনামূলীয়া চাউল আৰু স্বাস্থ্য বীমা পাব। ইয়াৰ ফলত ৪০লাখ নতুন হিতাধীকাৰীয়ে এই সুবিধা লাভ কৰিব।
প্ৰত্যেক বিদ্যালয়ত এখন পৰিচালনা সমিতি থাকে। এইবাৰৰ এই সমিতিত এজন নিৰ্বাচিত বিষয়া থাকিব আৰু বিদ্যালয়খনৰ এজন শিক্ষক, দুজনকৈ প্ৰাক্তন ছাত্ৰ,
প্ৰায় ১১০০ চাহ বাগানৰ শিক্ষকসমূহক চাহ বাগানৰ বিদ্যালয়লৈ স্হানান্তৰ কৰা হ’ব। তেওঁলোকে যাতে বিদ্যালয়ত অনুপস্থিত থাকিব লগা নহয় আৰু শিক্ষাৰ্থীসকলক যাতে আগুৱাই নিব পাৰে সেইবাবে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে।
শেষত MSME ক্ষেত্ৰৰ এজন উদ্যোগীক এটা উদ্যোগ খোলাৰ ক্ষেত্ৰত বহু অনুমতি পত্ৰৰ প্ৰয়োজন হৈছিল কিন্তু এতিয়া সেই বাধা এতিয়াৰ পৰা নাথাকিব, মাত্ৰ ফায়াৰ আৰু পাৱাৰৰ দুখন অনুমতি পত্ৰৰে উদ্যোগ খুলিব পাৰিব। উদ্যোগ খোলাৰ পিছত উলিয়ালেও হ’ব সকলো নথি পত্ৰ।