নিউজ ডেস্ক: মহ কিমান বিৰক্তিকৰ সেই কথা সকলোৱে জানে, আৰু আপোনালোকৰ বাবে ইহঁতক আঁতৰাই ৰাখিবলৈ আমাৰ এটা ইক’-ফ্ৰেণ্ডলী হেক আছে। দিনক দিনে বৃদ্ধি পাই অহা এই মহৰ ফলত ডেগু, মেলেৰিয়া আদি ৰোগে মানুহৰ দেহত বাহৰ পাতিছে। বজাৰত উপলব্ধ মহ ৰোধকৰ সামগ্ৰী যেনে-অল’আউট, মৰ্টিন, অড’মচ আদি ব্যৱহাৰ কৰা হয় যদিও এইসমুহ পৰ্দাথই শৰীৰটোক কিছু পৰিমাণে হলেও ক্ষতি কৰে।

এইসমুহ ৰাসায়ণিক পৰ্দাথৰ উপৰিও ঘৰটোক মহৰ পৰা বচাই ৰাখিবলৈ ঘৰত এইসমুহ উদ্ভিদ ৰোপন কৰক। কিছুমান উদ্ভিদে আপোনাৰ বাৰীখন সুন্দৰ কৰা উপৰিও ইহঁতৰ মহ ৰোধ কৰিব পৰা গুণ আছে। সেইসমুহ উদ্ভিদ হৈছে-

১.পদিনা- পদিনা হৈছে মহ আতৰ কৰাত সহায়ক হোৱা এক অতি উপযোগী বহুবৰ্ষজীৱী উদ্ভিদ। মহ, মাখি, আৰু অন্যান্য পোক-পৰুৱাক আঁতৰাই ৰখাৰ বাবে ই অন্যতম উদ্ভিদ। এই মহ ৰোধকাৰী উদ্ভিদৰ সুগন্ধিয়ে পোকবোৰক আঁতৰাই ৰখাত সহায় কৰে। এই উদ্ভিদৰ পৰা ঘৰতে স্প্ৰে’ই বনাই ঘৰৰ ভিতৰত ছতিয়ালে মহৰ লগতে আন পোক-পতংগসমুহ দূৰ হয়।

২.তুলসী- তুলসী পুজা কৰাৰ উপৰিও এই উদ্ভিদৰ বহু বনৌষধি গুণ আছে। এই উদ্ভিদৰ সুগন্ধিয়ে মাখি আৰু মহক আঁতৰাই ৰাখে। ইয়াৰ পাতবোৰ পিহি ছালত ঘঁহিলেও অধিক ফলপ্ৰসূ হয়। দুটামান তৰল পদাৰ্থ ব্যৱহাৰ কৰিও ইয়াৰ সহায়ত পোক-পৰুৱা দূৰকৰা স্প্ৰে’ বনাব পাৰে।

৩. নাৰ্জি ফুল- নাৰ্জি হৈছে সহজে গজা বাৰ্ষিক ফুল। ইহঁতে মহক বাধা দিয়া গোন্ধ নিৰ্গত কৰে। এই গছবোৰ শাক-পাচলিৰ বাগিচাত বা সীমান্তৰ আৱৰণ ফুল হিচাপে ৰোপণ কৰিলে ভাল।

৪. ইউকেলিপ্টাছ- মেন্থলৰ দুৰ্গন্ধৰ বাবে পৰিচিত ইউকেলিপ্টাছ আচলতে এজোপা গছ, ইয়াৰ বৃদ্ধিৰ হাৰ বহুল। ৰূপালী-সেউজীয়া পাতৰ সৈতে ই এক অলংকাৰিক উদ্ভিদ। মেন্থলৰ দৰে প্ৰধান গোন্ধই মহ প্ৰতিৰোধক হিচাপে কাম কৰে।

এইসমুহ উদ্ভিদৰ উপৰিও পিটুনিয়া, চিত্ৰনলা, নহৰু আদিয়েও মহ দূৰ কৰাত সহায় কৰে।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply