ৰঙিয়া : ৰঙিয়া ষ্টেচনৰ সমীপত বৃহস্পতিবাৰে নিশা চুৰি কৰিবলৈ আহি ধৰা পৰিল এটা চোৰ। ৰাইজে চোৰটোক আটক কৰি আৰক্ষীক গতাই দিয়ে। চি চি টিভি কেমেৰাত ধৰা পৰে চুৰিকাৰ্য।
বিগত কিছুদিন ধৰি ৰঙিয়া ষ্টেচনৰ সমীপত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে নিশা পৰিয়াল এটাৰ ঘৰত চোৰ এটাই চুৰিকাৰ্য সংঘটিত কৰে। ইয়াৰ পিছতে চি চি টিভি কেমেৰাত আৱদ্ধ হোৱা চুৰিকাৰ্যৰ দৃশ্য প্ৰত্যক্ষ কৰি ৰাইজে চোৰটোক আটক কৰে।
লগতে পঢ়ক – ডিগবৈ-পেঙেৰী পথত পুনৰ বোমাতংক
ৰঙিয়াৰ ১ নং ওৱাৰ্ডৰ বাহাৰুল চৌধুৰী নামৰ এজন লোকৰ ঘৰত চুৰিকাৰ্য সংঘটিত কৰিবলৈ যাওঁতে ধৰা পৰে চোৰটো। ৰাইজে চোৰটোক আৰক্ষীক গতাই দিয়ে। চোৰটো ষ্টেচনৰ লক্ষ্মী হোটেলত কৰ্মৰত অমৰজ্যোতি ৰায় বুলি জানিব পৰা গৈছে।