নিউজ ডেস্ক: গোলাঘাট জিলাৰ বোকাখাতত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিশা চোৰে পাইপ কাটি লৈ যায় তেল। বোকাখাতৰ সাপজুৰি বঙালী গাৱৰ মাজেৰে ডিগবৈৰ পৰা বাৰাউনিলৈ যোৱা অইল ইণ্ডিয়া পাইপ কাটি নিশা চোৰে চলাই লুটপাত।
ইফালে পাইপৰ কটা অংশৰে নিগৰিত হৈ আছে খাৰুৱা তেল। ইতিমধ্যে ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া কৰ্মচাৰী,বোকাখাত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈছে।
বৰ্তমান অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।