নিউজ ডেস্ক- কালিলৈ ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ঈদ। এই ঈদৰ দিনাখন মুছলমান লোকসকলে বিভিন্ন ধৰণৰ কাম কৰি ঈদ উদযাপন কৰিবলগীয়া হয়। আহকচোন এই পৱিত্ৰ দিনটোত কৰিবলগীয়া কামসমূহৰ বিষয়ে জানো-

১. ইছলাম ধৰ্মালম্বী লোকসকলে ঈদৰ দিনা ৰাতিপুৱা সোনকালে শুই উঠিব লাগে আৰু ফজৰৰ নামাজ আদায় কৰিব লাগে।
২. ঈদৰ দিনাখন ৰাতিপুৱাই গা ধুব লাগে আৰু পৰিস্কাৰ কাপোৰ পৰিধান কৰিব লাগে। বহুতো লোকে নতুন কাপোৰ পৰিধান কৰে যদিও নতুন কাপোৰ নিপিন্ধিলেও চাফা কাপোৰ পৰিধান কৰিব লাগে।
৩. ঈদৰ নামাজ পঢ়িব যোৱাৰ আগত সদায় মিঠা বস্তু খায় যাব লাগে। ভোকত কেতিয়াও নামাজ পঢ়িব যাব নালাগে। খেজুৰ, খীৰ আদি মিঠা বস্তু খায় ঈদৰ নামাজ পঢ়িব যাব লাগে।
৪. ৰমজান মাহত দৰিদ্ৰ লোকক ফিৎৰা, জাকাত দিয়াৰ পৰম্পৰা আছে, ঈদৰ নামাজৰ পূৰ্বে ফিৎৰা আৰু জাকাত দি আদায় কৰিব লাগে।
৫. ঈদৰ নামাজ খোলা বা মুকলি ঠাইত একগোট হৈ পঢ়া হয়। যদিহে বতৰৰ অসুবিধা থাকে তেন্তে সুবিধা অনুযায়ী বেলেগ ঠাইত নামাজ আদায় কৰিব লাগে।
৬. ঈদগাহ অহা-যোৱা কৰিবৰ বাবে বেলেগ বেলেগ ঠাইৰ ব্যৱহাৰ কৰিব লাগে। ঈদৰ নামাজ পঢ়িব যাওতে বেলেগ ৰাষ্টাৰে যাব লাগে আৰু ঘৰলৈ উভতাৰ সময়ত বেলেগ ৰাষ্টাৰে উভতিব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply