গুৱাহাটী : অসম চৰকাৰৰ চতুর্থ আৰু তৃতীয় বৰ্গৰ খালী থকা পদসমূহ পূৰণৰ বাবে ৰাজ্য চৰকাৰে পৰীক্ষাৰ দিন নিৰ্দ্ধাৰণ কৰিছে। অহা ৭ আগষ্টত চতুর্থ বৰ্গ আৰু অহা ২১ আগষ্টত তৃতীয় বৰ্গৰ পদসমূহ পূৰণৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

বৃহস্পতিবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত তৃতীয় শ্রেণী আৰু চতুর্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে গঠিত ৰাজ্যিক পর্যায়ৰ নিযুক্তি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। এই পৰীক্ষাৰ বাবে তৃতীয় বৰ্গৰ বাবে মুঠ ৬,৭১,৮০৫ গৰাকী আৰু চতুর্থ শ্রেণীৰ পদৰ বাবে ৪,৪৩,৬৫৫ গৰাকী প্রার্থীয়ে আবেদন কৰিছে।

লগতে পঢ়ক – ২২জুনৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী মেলা

আনহাতে, তৃতীয় বৰ্গৰ অধীনত চালক পদৰ বাবে ৭৭,০৪৯ গৰাকী প্রার্থীয়ে আবেদন কৰিছে আৰু এই পদসমূহৰ বাবে সুকীয়াকৈ পৰীক্ষাৰ দিন ধার্য কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক সমগ্র নিয়ােগ প্রক্রিয়াটোত স্বচ্ছতা সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। পৰীক্ষা নিখুঁতভাৱে সম্পাদন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কেইবাটাও পৰামৰ্শ আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply