নিউজ ডেস্কঃ SI জোনমণি ৰাভাৰ ৰহস্য জনক মৃত্যুৰ পিছতেই চেলিব্রিটি আৰক্ষী বিষয়া হিচাপে খ্যাত আনন্দ মিশ্ৰক লখিমপুৰৰ SP হিচাপে নিযুক্তি দিয়া হয়। লখিমপুৰৰ দায়িত্ব লাভ কৰাৰ পিছতেই প্ৰচাৰমুখী আনন্দ মিশ্ৰই বিভিন্ন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত অভিযুক্তৰ বিৰুদ্ধে এটাৰ পিচত আন এটা বাক্যবাণ এৰি আহিছিল। যাৰ পৰিপ্ৰেক্ষিততেই মুখ্যমন্ত্ৰীৰ পৰা ধমক খাবলগীয়া হ’ল SP আনন্দ মিশ্ৰই।
শেহতীয়া ভাৱে অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশনা কোনো আৰক্ষী বিষয়াকে DGP ৰ অনুমতি অবিহনে তদন্ত চলি থকা অপৰাধজনিত ঘটনাৰ বিষয়ে ৰাজহুৱা কৈ মুখ নুখুলিবলৈ কোৱো হৈছিল। সকলো আৰক্ষী বিষয়াই এই নিৰ্দেশনা মানি চলিছিল যদিও আনন্দ মিশ্ৰৰ ক্ষেত্ৰত কিন্তু নিৰ্দেশনা মানি চলা দেখা পোৱা নগৈছিল।
যাৰ বাবে জনসাধাৰণৰ মাজত চুপাৰ ক’প খ্যাত তথা চেলিব্ৰিটি SP আনন্দ মিশ্ৰক সামাজিক মাধ্যমৰ প্ৰীতি এৰি আদৰ্শ আৰক্ষী হিচাপে আত্মনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়ে। লগতে, অভিয়ুক্তক সকলক অপৰাধ সাব্যস্ত কৰিব পৰাকৈ চাৰ্জশ্বিট প্ৰস্তুতহে ব্যস্ত হ’বলৈ কয়।
উল্লেখ্য যে, লখিমপুৰত জিলাৰ দায়িত্ব পোৱাৰ পিছত এনে পৰিস্থিতি পাইছিল গৈ যে, এইগৰাকী এছ পিৰ সাক্ষাৎকাৰ বিচাৰি পুৱাৰে পৰা ঘূৰি ফুৰিছিল সাংবাদিকৰ কেমেৰা। তদুপৰি হাতত ম’বাইল লৈ বহু যুৱকে তেওঁৰ সৈতে ছেলফি উঠিবলৈ হেতা-ওপৰা লগাইছিল।
লগতে পঢ়ক – সাহিত্যিক নিৰুপমা বৰগোহাঞিলৈ “ডক্টৰ অব্ লিটাৰেচাৰ” সন্মান