নিউজ ডেস্ক- দেওবাৰে নিশা জালুকবাৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰই। এখন তীব্ৰবেগী মহেন্দ্ৰ স্কৰপিঅ’(AS-01-FK-9605) য়ে ব্ৰয়লাৰ পৰিবাহী বলেৰ’ পিক আপ ভান(AS-01-GC-8829) ত খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত মহেন্দ্ৰ স্কৰপিঅ’ থকা ১০ জনৰ ভিতৰত ৭ জন লোক থিতাতে নিহত হয়। নিহত আটাইকেইজনে অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাষিকৰ ছাত্ৰ আছিল। তেওঁলোকৰ লগতে থকা তিনিগৰাকী ছাত্ৰ সংকটজনক অৱস্থাত গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছে।

আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা ছাত্ৰ কেইগৰাকী ক্ৰমে যোৰহাটৰ অর্ণব ভূঞা, মৃন্ময় বৰা আৰু বঙাইগাঁৱৰ অর্ণব চক্ৰৱৰ্তী। তিনিগৰাকী ছাত্ৰই আই চি ইউত (ICU) চিকিৎসাধীন হৈ আছে।

ইফালে, ডি আই বাহনখনৰ চালকসহ তিনিগৰাকী আৰোহী চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ব্যক্তিকেইগৰাকী ক্ৰমে ইউচুফ আলী, ৰাজীৱ আলী আৰু মোজ্জামিল হক। এই তিনিগৰাকী ব্যক্তিকো ৰখা হৈছে আই চি ইউত (ICU) ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply