চাংসাৰী : চাংসাৰীত আৰক্ষীৰ বৃহৎ সাফল্য। চাংসাৰীত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনিজন। ওদালগুৰিৰ পৰা এখন বাহনত গাঞ্জালৈ আহি আছিল ধৃত লোক তিনিজন। আৰক্ষীক দেখি পলায়নৰ চেষ্টা।
শুকুৰবাৰে কামৰূপ জিলাৰ চাংসাৰীত আৰক্ষীয়ে এক অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ২৫ কেজি গাঞ্জাসহ তিনিজনকৈ গাঞ্জা সৰবৰাহকাৰীক আটক কৰে।
লগতে পঢ়ক – QS World University Rankings-ত ১১ নম্বৰ স্থানলৈ উন্নীত IIT গুৱাহাটী
গাঞ্জা সৰবৰাহকাৰী তিনিজনে এখন বাহনেৰে ওদালগুৰিৰ পৰা গাঞ্জাখিনি লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে বাইহাটাৰ পৰা বাহনখনক খেদি আহে। আৰক্ষীক দেখা পাই গাঞ্জা সৰবৰাহকাৰী কেইজন পলায়নৰ চেষ্টা চলায় যদিও চাংসাৰীত আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী কেইজনক আটক কৰে।