নিউজ ডেস্ক- ৰাজ্যজুৰি নকল সোণৰ চক্ৰৰ অভিযান চলি থকা সময়তে হোজাই‘ৰ ডবকাত উদ্ধাৰ নকল সোণ। নগাঁও আৰক্ষীৰ এটা দলে নকল সোণৰ যীচু খ্ৰীষ্টৰ প্ৰতিমূৰ্তিসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, ডবকাৰ নামডবকা পথাৰ এলেকাত এটা নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়। এই অভিযানত সময়ত আৰক্ষীয়ে তিনিজন লোকক আটক কৰে আৰু যীচু খ্ৰীষ্টৰ নকল সোণৰ প্ৰতিমূৰ্তিটো উদ্ধাৰ কৰে। প্ৰতিমূৰ্তিটোৰ ওজন প্ৰায় ১.৭ কিলোগ্ৰাম আছিল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ ব্যক্তিকেইজন ক্ৰমে আছলাম তালুকদাৰ, জুবাইৰ হুছেইন, আৰু ইকবাল হুছেইন।
উল্লেখ্য যে বহুতো লোকে এই নকল সোণৰ চক্ৰটোৰ সৈতে আৰক্ষীৰ সম্পৰ্ক থকা বুলি দাবী কৰে। লগতে অভিযোগ উত্থাপন হোৱা এটা নকল সোণৰ চক্ৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত থকা বুলি দাবী কৰা হৈছে।