বঙাইগাঁও : বঙাইগাঁও আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বঙাইগাঁও আৰক্ষীয়ে লাভ কৰিলে আন এক সাফল্য। গাঞ্জাসহ তিনিজনক আটক কৰিলে বঙাইগাঁও আৰক্ষীয়ে।

অসম আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে বঙাইগাঁও আৰক্ষীয়ে এক বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। তিনিজন যুৱকক বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হৈছে বঙাইগাঁও আৰক্ষী।

এক গোপন খবৰৰ ভিত্তিত নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এই সাফল্য লাভ কৰে। মাজগাঁৱত আৰক্ষীৰ দলটোৱে অভিযান চলাই তিনিজন যুৱকক গাঞ্জাসহ আটক কৰে। তিনিওজনৰ পৰা আৰক্ষীয়ে ১৫ কেজি গাঞ্জা, এখন স্কুটী আৰু মোবাইল ফোন জব্দ কৰিছে।

লগতে পঢ়ক –  ৰাষ্ট্ৰসংঘৰ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসমৰ এইজন যুৱকে

গাঞ্জাসহ আটকাধীন যুৱক তিনিজন হৈছে ক্ৰমে উৎপল দাস, বিশ্বজিৎ দাস আৰু প্ৰেম কুমাৰ সৰকাৰ। যুৱক তিনিজনক বঙাইগাঁও থানাত আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথান জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply