বঙাইগাঁও : বঙাইগাঁৱত গৰুসহ আটক তিনিজন গৰু সৰবৰাহকাৰী। ১০ টা গৰুসহ তিনিজন গৰু সৰবৰাহকাৰী আটক। একাংশ স্থানীয় লোকে গৰুসহ গৰু সৰবৰাহকাৰী তিনিজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।
ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। বিশেষকৈ নামনি অসমৰ কেইবাখনো জিলাত একাংশ গৰু সৰবৰাহকাৰীয়ে চলাই গৈছে গৰুৰ চোৰাং সৰবৰাহ। বঙাইগাঁৱত পুনৰ চোৰাং গৰুসহ জালত পৰিছে তিনিজনকৈ সৰবৰাহকাৰী।
বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানা আৰু বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত ১০ টা গৰুসহ তিনিজন গৰু সৰবৰাহকাৰী আটক হৈছে। একাংশ স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে গৰু সৰবৰাহকাৰী তিনিজনক।
লগতে পঢ়ক – যোৰহাটত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা
জিলাখনৰ কীৰ্ত্তনপাৰাৰ পৰা ৪ টা আৰু বৰইচালাৰ পৰা ৬ টা গৰু জব্দসহ আটক কৰা হয় গৰু সৰবৰাহকাৰী কেইজনক। গৰু কেইটা বৰপেটালৈ নিয়াৰ পথত আটক কৰে স্থানীয় ৰাইজে। জিলাখনৰ বিভিন্ন অঞ্চলত গৰুৰ সৰবৰাহ চলি থকা বুলি ৰাইজে অভিযোগ কৰে।