নিউজ ডেস্ক- বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰক্ষকেই হৈ পৰিছে ভক্ষক। বন্যপ্রাণী সুৰক্ষা দিয়া ব্যক্তিসকলেই এতিয়া বন্যপ্রাণী নিধন কৰাত নামি পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্রাপ্য সাতটা কাছৰ সৈতে তিনি বনকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে।
তথ্য অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনত হাতী বন শিবিৰত থাকি কৰ্তব্য কৰি থকা বনকৰ্মীয়ে বন্যপ্রাণী নিধন কৰে। দীৰ্ঘদিনৰ পৰা কৰ্ণ বাউৰী, ৰাম নায়ক আৰু শোভন বাউৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বিলত কাছ ধৰি ভক্ষণ কৰি আছিল।
উক্ত বনাঞ্চলৰ বাঘমাৰী বন শিবিৰ এলেকাৰ ঝাও বিলত পোহনীয়া হাতীৰ মাউতে কাছ ধৰি থকাৰ পায়। তাৰপাছতে বুঢ়া পাহাৰ বনাঞ্চলৰ বন বিষয়াৰ নেতৃত্বত যোৱা এটা বিভাগীয় দলে অভিযান চলায় আৰু অভিযানৰ ভিত্তিত তিনি বনকৰ্মীৰ মোনাত সাতটা দুষ্প্রাপ্য কাছ উদ্ধাৰ হয়। আৰু সেই তিনি বনকৰ্মীক সোধো-পোছা চলোৱাত দীৰ্ঘ দিনৰ ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিলবোৰত কাছ ধৰি ভক্ষণ কৰাৰ কথা স্বীকাৰ কৰে।
আনহাতে, তিনি বনকৰ্মীৰ বিৰুদ্ধে এটা গোছৰ পঞ্জীয়ন কৰি আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰে।