ছিপাঝাৰ : ছিপাঝাৰত ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে ৭ জনকৈ লোকক। থিতাতে নিহত হয় ৩ জন লোক। পুৱা খোজ কাঢ়িবলৈ আহ লোকক মহতিয়াই নিয়ে ট্ৰাকে।

দৰং জিলাৰ মঙলদৈৰ অন্তৰ্গত ছিপাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। পুৱা খোজ কাঢ়িবলৈ ৰাজপথলৈ ওলাই অহা ৭ জনকৈ লোকক মহতিয়াই নিয়ে এখন তীব্ৰ বেগী ট্ৰাকে। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছে ৩ জনকৈ লোক।

ছিপাঝাৰ মহাবিদ্যালয় সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হোৱা লোক ৩ জন হৈছে ক্ৰমে জিন্টুমণি আহমেদ, ইন্দাদুল হক আৰু জয়মতী বৰুৱা।

লগতে পঢ়ক –  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবাসগৃহ আৱন্তনত দুৰ্নীতি

আহত আন ৪ জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহত সকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুর্ঘটনা সংঘটিত কৰাৰ পিছতে ট্ৰাকখন চালক আৰু হেণ্ডিমেনজন পলায়ন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply